কৈশোৰ শিক্ষাৰ আৱশ্যকতাৰ বিষয়ে আলোচনা কৰাৰ আগতে কৈশোৰ কালছোৱাৰ বিষয়ে কিছু
জ্ঞান থকাৰ অতীব প্ৰয়োজন । প্ৰতিজন মানুহৰ জীৱনৰ গুৰুত্ব পূৰ্ণ কালছোৱা হ'ল- কৈশোৰ
কাল । এই সময় ছোৱাতে মানুহৰ ব্যক্তিত্ব বিকাশৰ এক অতি উপযোগী সময় বুলি অভিহিত কৰিব
পাৰি । বাল্যকাল আৰু যুৱকালৰ মাজৰ দীঘলীয়া সময় ছোৱাকেই কৈশোৰ কাল বুলি কোৱা হয় ।
মানৱ জীৱনৰ অতি গুৰুত্ব পূৰ্ণ এই সময়ছোৱা সমাজে এতিয়াও বাল্য, যুৱক বা বৃদ্ধ
অৱস্থাৰ দৰে সুকীয়া অৱস্থা বুলি গণ্য কৰা নাই । এই সময়ছোৱাতে মানুহৰ ব্যক্তিত্বৰ
বিকাশ আৰু পৰিৱৰ্তন আটাইতকৈ বেছি হয় । মানৱ জীৱনৰ অন্য কোনো সময়তে নোহোৱা শাৰীৰিক
মানসিক আনকি সামাজিক পৰিৱৰ্তন সমূহো এই কালছোৱাতে দ্ৰুত গতিত হয় । বাল্যকালৰ শেষ
সময়ৰ পৰা অৰ্থাৎ কৈশোৰ অৱস্থাৰ আৰম্ভণিৰ পৰা আটাইতকৈ মন কৰিবলগীয়া পৰিবৰ্তন হ'ল-
যৌন সম্পৰ্কীয় । কিশোৰ- কিশোৰীয়ে কিন্তু শৰীৰ, মন আৰু আৱেগৰ এই স্বভাৱজাত পৰিৱৰ্তন
বিলাকৰ কথা নাজানে এইবোৰৰ বিষয়ে জানিবলৈ বা বুজিবলৈ কিশোৰ- কিশোৰীহঁতে ঘৰৰ মানুহৰ
পৰা বা শিক্ষক সকলৰ পৰাও নাপায় । বৰঞ্চ জানিবলৈ বিচাৰিলেও তেওঁলোকে কোনো উৎসৰ পৰাই
জ্ঞান লাভ কৰিব নোৱাৰে । সেই কাৰণে সস্তীয়া কিতাপ- পত্ৰ আৰু লগৰীয়াৰ আশ্ৰয় লয় ।
ফলত প্ৰকৃত তথ্যৰ পৰা আঁতৰি গৈ ভুল তথ্যহে গ্ৰহণ কৰে এইবিলাকৰ কাৰণে কিশোৰ-
কিশোৰীহঁতে বহুখিনি সমস্যাৰ সন্মুখীন হয় । যৌন সম্পৰ্কীয় বিকাশ বোৰৰ প্ৰকৃত কথাবোৰ
তেওঁলোকে ভালদৰে নাজানে । সমাজ, পৰিয়াল আৰু পিতৃ- মাতৃৰ লগতো তেওঁলোকে নিজকে খাপ
খুৱাই চলিব নাজানে । আনকি কিশোৰ- কিশোৰীয়ে পৰস্পৰে পৰস্পৰৰ লগত কেনেদৰে আচৰণ কৰিব
লাগে বুজি নাপায় । তেওঁলোকে নিজকে স্বতন্তৰীয়া হিচাপে ভাবি চলিব বিচাৰে নিজক ভালদৰে
উপলব্ধি কৰিব নোৱাৰাকৈ প্ৰতিষ্ঠা কৰিব বিচাৰে আৰু এইবোৰ কথা বা আচৰণ ঘৰখনে বা সমাজে
বাঞ্চা নকৰে । সেয়েহে তেওঁলোকে পিতৃ- মাতৃৰ পৰা দূৰত্ব বজাই ৰাখে আৰু লগৰীয়া সকলৰ
মাজত স্বতন্তৰীয়া হয় ।
প্ৰচলিত প্ৰমূল্যবোধ বোৰ তেওঁলোকে মানি ল'ব নোখোজে আৰু পিতৃ- মাতৃ তথা জেষ্ঠজনৰ কথা- বাৰ্তা মানি ল'বলৈ টান পায় এই সময়তে উপযুক্ত শিক্ষাৰ অভাৱত লগৰ লগৰীয়াৰ হেঁচাত পৰি অথবা বেয়া সংগত পৰি নিচাযুক্ত দ্ৰব্য সেৱনকে ধৰি বদ অভ্যাসবোৰৰ বশৱৰ্তী হয় । উপৰোক্ত সমস্যা সমূহ নিৰাময়ৰ বাবে বিদ্যালয় / মহাবিদ্যালয়ত কৈশোৰ শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে । এই জটিল পৃথিৱীৰ কুটিল সমস্যা সমূহৰ পৰা কৈশোৰ বয়সৰ ল'ৰা- ছোৱালীক বিৰত ৰাখিবলৈ বিদ্যালয় / মহাবিদ্যালয় পৰ্য্যায়ত এই শিক্ষা অতি অপৰিহাৰ্য্য হৈ পৰিছে । যৌন সম্পৰ্কীয় কথা বতৰা বোৰ নিতান্তই ব্যক্তিগত আৰু ইয়াক বিদ্যালয় / মহাবিদ্যালয়ত শিকোৱা উচিত নহয়- এনে কৌটি কলিয়া পুৰণা আৰু গোড়া চিন্তা ধাৰণা আঁতৰোৱাৰ সময় আহি পৰিছে । সময়ৰ প্ৰত্যাহ্বান সন্মুখীন হ'ব নোৱাৰিলে ভৱিষ্যত প্ৰজন্ম ভয়াবহ বিপদৰ গৰাহত সোমাই পৰিব ভৱিষ্যত প্ৰজন্মক শুদ্ধ পথত আগুৱাই নি সুস্থ মনৰ অধিকাৰী আৰু সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্রত কৈশোৰ শিক্ষাৰ আৱশ্যকতা যে কিমান বেছি সেই কথা সমাজৰ প্ৰতিজন সচেতন ব্যক্তি, অভিভাৱক তথা শিক্ষক- শিক্ষয়িত্ৰীয়ে উপলব্ধি কৰাৰ সময় সমাগত । কৈশোৰ শিক্ষা উপযুক্তভাৱে আৰু সঠিকভাৱে বিদ্যালয় / মহাবিদ্যালয় সমূহত ৰূপায়ন কৰিলে কৈশোৰ বয়সৰ ছাত্ৰ- ছাত্ৰী সকলে ভৱিষ্যত জীৱন গঢ় দিয়াৰ ক্ষেত্রত যথেষ্ট জ্ঞান লাভ কৰিব পাৰিব ।

সাংসাৰিক
সচেতনতা, যৌন জ্ঞান, ভাল বেয়া বিষয়, ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণক আদি কৰি এশ একুৰি
সমস্যাৰ পৰা মুক্ত হোৱা শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব । যৌন বিকাশ, এইডছৰ দৰে
মহাব্যাধি আৰু নিচাযুক্ত দ্ৰব্য সেৱনৰ ফল সম্পৰ্কীয় জ্ঞানৰ অভাৱত ছাত্ৰ- ছাত্ৰী সকল
গভীৰ সমস্যাৰ গৰাহত ভৰি দিছে । এই কৈশোৰ শিক্ষাৰ অভাৱত দেশৰ হাজাৰ হাজাৰ বহুমূলীয়া
সোণালী জীৱনবোৰ কলিতে শেষ কৰি দিব লগা হৈছে । এতিয়া মানৱ জীৱনক ভাবুকিৰ সৃষ্টি কৰা
এইডছ ৰোগৰ ব্যাপক বৃদ্ধি সমগ্ৰ বিশ্বৰ কাৰণে এক গুৰুত্বৰ প্ৰত্যাহ্বান । বিশ্ব
স্বাস্থ্য সন্থাৰ তথ্য মতে পাৰিলেহে ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰিব পৰা হ'ব । কাৰণ
শিক্ষা সকলো সমস্যা সমাধানৰ মূল আহিলা আধুনিক প্ৰযুক্তি বিদ্যা আৰু আধুনিক জগতখনক
লগতে আমাৰ জীৱন বোধৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে । এনে এটা পৰিৱৰ্তনকামী যুগৰ লগত সমানে
ফেৰ মাৰিবলৈ আৰু কৈশোৰ কালৰ পৰা ব্যক্তিত্ব গঢ়ি তোলাৰ ভাৱ সৃষ্টি কৰি জীৱনটো ৰঙীন
কৰি গঢ়ি তুলিবলৈ উপযুক্ত শিক্ষাৰ প্ৰয়োজনৰ কথা গভীৰ ভাৱে সকলোৱে ১৫ লাখ কিশোৰ-
কিশোৰীকে ধৰি বিশ্বৰ দুই কোটি মানুহ এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত হৈছে । ৪৫ লাখ
মানুহ এইডছৰ গৰাহত পৰিছে । ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে এই ৰোগে ক্ষিপ্ৰ গতিৰে
বিস্তাৰ লাভ কৰিছে ।
ভাৰতত বৰ্তমান প্ৰায় ১৫- ১৮ বছৰৰ ল'ৰা- ছোৱালীৰ সংখ্যা
৪ কোটি । এই চামৰ ল'ৰা- ছোৱালীক এইডছ সম্পৰ্কীয় শিক্ষাৰে সচেতন কৰি তুলিব চিন্তা-
চৰ্চা কৰা উচিত । যৌন সম্পৰ্কীয় বিকাশবোৰ পুংখানুপুংখ ৰূপে শিকোৱাটো আৰু যৌন
সম্পৰ্কীয় বিষয়বোৰৰ প্ৰকৃততে কিশোৰ- কিশোৰীহঁতক শিক্ষা দি ভৱিষ্যত প্ৰজন্মক সুন্দৰ
আৰু ৰঙীন ভৱিষ্যত গঢ়ি তোলাৰ বাস্তৱ দিশ গঢ়ি তুলিবৰ বাবে বিদ্যালয় / মহাবিদ্যালয়ত
কৈশোৰ শিক্ষা বহল আৰু ব্যাপক ভাৱে অতি সোনকালে আৰম্ভ কৰা উচিত ।
বৰ্তমান
সময়ত অতি প্ৰবল ভাৱে বৃদ্ধি পোৱা এইডছ প্ৰসঙ্গতে যৌন সম্পৰ্কীয় জ্ঞান দি ছাত্ৰ-
ছাত্ৰী সকলক উপযুক্ত বয়সত সঠিক পথৰ সন্ধান দিব পাৰিলে ভৱিষ্যত প্ৰজন্মক ভয়ানক বিপদৰ
পৰা পৰিত্ৰাণ পোৱাৰ ভৱিষ্যতৰ ৰেখা চিত্ৰ অংকন কৰিব পৰা যাব মহিলা আৰু বিপৰীত লিঙ্গৰ
প্ৰতি শ্ৰদ্ধা তথা সন্মান প্ৰদৰ্শনৰ বাবে ছাত্ৰ- ছাত্ৰী সকলে কোমল বয়সতে এই
সম্পৰ্কীয় শিক্ষা লাভ কৰিলে সমাজত শান্তি আৰু সুস্থিৰতাই বিৰাজ লাভ কৰিব । প্ৰকৃত
যৌন শিক্ষাৰ অভাৱৰ বাবে বৰ্তমান সময়ত বহলভাৱে চলি থকা যৌন সম্পৰ্কীয় কু- আচৰণবোৰ
যিবোৰে তেওঁলোকৰ নিজৰ মাজত আৰু সমাজত বেয়া প্ৰভাৱ পেলাইছে এনেবোৰ কথা পৰিকল্পিত
ভাৱে বিদ্যালয়ত / মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিলে নিশ্চয় কিশোৰ-
কিশোৰীহঁতে লাভৱান হ'ব ।