অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক উত্তৰণৰ হেতু প্রত্যেকটো জনগোষ্ঠীৰ ছাত্র- ছাত্রীকে আনুষ্ঠানিক শিক্ষাৰ যোগেদি উপযুক্ত মানৱ সম্পদ ৰূপে গঢ়ি তুলিব লাগিব । উঠি অহা নৱপ্রজন্মই নিজ নিজ জনগোষ্ঠীৰ লগতে সমগ্র জাতিটোৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে শিক্ষা জীৱনৰ চালুকীয়া অৱস্থাতে নিজৰ কেৰিয়াৰৰ ক্ষেত্রত সৰ্তকতা অৱলম্বন কৰিব লাগিব । এই ক্ষেত্রত সজাগতা আনিবৰ বাবে বিভিন্ন দল- সংগঠনেও পদক্ষেপ গ্রহণ কৰিব লাগিব ।
সাধাৰণতে, প্রায়বোৰ ছাত্র- ছাত্রী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওঁতে বিবুদ্ধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই বিষয়েও জানিব বিচাৰে । তলত বিভিন্ন ধৰণৰ কেৰিয়াৰ বিষয়ে কিছু কথা আলোচনা কৰা হৈছে । আশা কৰিছো, ইয়াৰ দ্বাৰা ছাত্র- ছাত্রীসকল উপকৃত হ’ব ৷
আমাৰ ৰাজ্যখনৰ শিক্ষানুষ্ঠান সমূহত বিভিন্ন বিষয়ৰ পাঠ্যক্রম পঢ়িবৰ বাবে সুবিধা আছে যদিও, নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয় বৰ্তমান শিক্ষানুষ্ঠান সমূহত উপলব্ধ নোহোৱাৰ বাবে প্রত্যেক বছৰে বহুসংখ্যক ছাত্র- ছাত্রী উচ্চ শিক্ষা লাভৰ বাবে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠান সমূহত নামভর্তি কৰিব লগা হয় । উল্লেখ্য যে, ভাৰতীয় প্রযুক্তি বিদ্যা প্রতিষ্ঠান (আই. আই. টি.) গুৱাহাটীতো যে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমৰ উপৰিও ক'লা বিভাগৰ সকলো বিষয়তে গৱেষণা কৰিব পৰা সুবিধা আছে সেই সৰ্ম্পকে বহুতো ছাত্র- ছাত্রী জ্ঞাত নহয় ৷
যি কোনো মহাবিদ্যালয়/ বিশ্ববিদ্যালয়ত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠান সমূহৰ বৈধতা/ ডিগ্রীৰ মর্যাদা/ ব্যৱস্থা/ স্বীকৃতি প্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/ সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয় (www.education.n ic.in), বিশ্ববিদ্যালয় অনুদান আয়োগ (www.ugc.ac.in), ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (www.naac.gov.in ), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (www.aicte-india .org), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (www.aiuweb.org), দূৰ শিক্ষা পৰিষদ (www.dec.ac.in), ভাৰতীয় নাৰ্ছিং পৰিষদ (http:// www.indiannursin gcouncil.org), ভাৰতীয় বাৰ পৰিষদ (www.barcouncilo findia.org ) আদি । শিক্ষানুষ্ঠান সমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতি প্রাপ্ত হোৱাৰ উপৰিও যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতি প্রাপ্ত হ’ব লাগিব । তদুপৰি উত্তীৰ্ণ হোৱা ছাত্র- ছাত্রীসকলে কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সাম্যক ধাৰণা লোৱা উচিত । সেইদৰে শিক্ষানুষ্ঠান খনৰ শিক্ষণ ব্যৱস্থা, উত্তীৰ্ণৰ হাৰ, নামভৰ্ত্তিৰ প্রক্রিয়া, পুথিভঁৰাল, ইণ্টাৰনেট সেৱা, থকাৰ সা- সুবিধা, আৰ্থিক সাহাৰ্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত । ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ'ল- শিক্ষানুষ্ঠান খন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয়, শিক্ষানুষ্ঠান খনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান, ঘৰৰ পৰা শিক্ষানুষ্ঠানখন ৰ দূৰত্ব, কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, খেলা- ধূলাকে আদি কৰি অন্যান্য extra- curricular activities কৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি । লগতে প্রাক্তন ছাত্র-ছাত্রীৰ সংগঠন (Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হ'লে শিক্ষাৰ্থী সকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয় ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ শাখা নিবাৰ্চনৰ বিষয়ে আলোচনা কৰাৰ আগতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে- কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাতে খৰচি মাৰি পঢ়ি ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রী গৰাকীয়ে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে । সাধাৰণতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰসহ উত্তীৰ্ণ হ'লেই ছাত্র- ছাত্রীসকলে বিজ্ঞান শাখাত নাম ভর্তিৰ কৰাৰ বাবে নিজে সিদ্ধান্ত গ্রহণ কৰে অথবা কোনো কোনো ক্ষেত্রত অভিভাৱক সকলেও জোৰ কৰি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিবৰ বাবে বাধ্য কৰায়, কিন্তু এনে হোৱা উচিত নহয় ৷ ছাত্র- ছাত্রী সকলৰ কোনো বিষয়ৰ প্রতি থকা ৰাপ তথা আত্ম বিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, ক'লা নে বাণিজ্য শাখাত নাম ভর্তি কৰিব তাৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে, নম্বৰৰ ওপৰত ভিত্তি কৰি নহয় যিহেতু বিভিন্ন কাৰণত আগ্রহ থকা বিষয়বোৰত ছাত্র বা ছাত্রী গৰাকীয়ে আশা কৰা মতে নম্বৰ লাভ নকৰিবও পাৰে । যদি ছাত্র বা ছাত্রী গৰাকীৰ গণিত বিষয়ত ৰাপ আছে তেন্তে বিজ্ঞান অথবা বাণিজ্য শাখাত নাম ভর্তি কৰিব পাৰে । সেইদৰে সাহিত্যৰ বিষয়ত আগ্রহী সকলে কলা শাখাত নাম ভর্তি কৰিব পাৰে ৷ আকৌ, কোনো ছাত্র- ছাত্রীয়ে যদি গণিত আৰু সাহিত্য দুয়োটা বিষয়তে ৰাপ আছে তেন্তে গণিত বিষয়সহ ক'লা শাখাত নাম ভর্তি কৰিব পাৰে । সেইদৰে, গণিতত ৰাপ থকা ছাত্র- ছাত্রীয়ে বিজ্ঞান শাখাৰ জীৱ বিজ্ঞান বিষয়টি নোলোৱাকৈ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে, একেদৰে জীৱ বিজ্ঞান বিষয়ত ৰাপ থকা ছাত্র- ছাত্রীয়ে গণিত বিষয়টি নোলোৱাকৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে । কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে বিজ্ঞান শাখাত নাম ভর্তি কৰা ছাত্র- ছাত্রী সকলে গণিত তথা জীৱ বিজ্ঞান দুয়োটা বিষয় নিবাৰ্চন কৰিলেহে ভৱিষ্যতে বহু ক্ষেত্রত সুবিধা লাভ কৰিব পাৰিব । ইয়াৰ উপৰিও কোনটো শাখাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব, সেই সম্পৰ্কে ছাত্র- ছাত্রীসকলে এক সাম্যক ধাৰণা যুগুতাই ল'ব পাৰিলে শাখা নিবাৰ্চন কৰা ক্ষেত্রত যথেষ্ট সুবিধা হ'ব । ইয়াৰ উপৰিও শাখা নিবাৰ্চন কৰোতে ছাত্র- ছাত্রীসকলৰ হবি (hobby) বোৰকো গুৰুত্ব প্রদান কৰিব লাগে । কিয়নো এই হবি সমূহেই ছাত্র জীৱন, কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে । কোনো ব্যক্তিৰ ভবিষ্যত জীৱনত হয়তো হবিয়েই এদিন কেৰিয়াৰ হ’ব পাৰে ৷
ছাত্র- ছাত্রীসকলৰ শাখা নিবাৰ্চন কৰাৰ ক্ষেত্রত অভিভাৱক সকলৰ আৰ্থিক অৱস্থায়ো এক বিশেষ ভূমিকা গ্রহণ কৰে । যিসকল ছাত্র- ছাত্রীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে, তেওঁলোকে বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব পাৰে । শেষত, ছাত্র- ছাত্রীসকলে শাখা নিবাৰ্চন কৰোতে কেৰিয়াৰ বিশেষজ্ঞৰ সহায়ও ল’ব পাৰে ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত
১) ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত ৷
২) পলিটেকনিকৰ বিভিন্ন বিভাগত ৷
৩) উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত (ক'লা/ বাণিজ্য/ বিজ্ঞান) পঢ়িব পাৰে ।
ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই. টি. আইঃ
ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই. টি. আইৰ বিভিন্ন ট্রেডত পঢ়িবলৈ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয় ৷ আই. টি. আইত নামভৰ্তিৰ বাবে আবেদন অনলাইন যোগেদি কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল- www.itiassam.ni c.in
আবেদন কৰোতে এটা ই- মেইল আই. ডি. আৱশ্যক হয় । গতিকে, প্রাৰ্থীসকলে এটা ই- মেইল আই. ডি. খোলা প্রয়োজন আছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা সকলে ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রম ৱেল্ডাৰ আৰু দুবছৰীয়া পাঠ্যক্রম ৱায়াৰমেন ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে তলত উল্লেখ কৰা ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে।
ইঞ্জিনিয়াৰিং ট্রেডৰ দুবছৰীয়া পাঠ্যক্রম : ফিটাৰ, টাৰ্নাৰ, মেচিনিষ্ট, ইলেকট্রিচিয়ান, মটৰ ভেৰিকল মেকানিক, ইলেকট্রনিকচ মেকানিক, ইনষ্টুমেণ্ট মেকানিক, ইনফৰমেচন কমোনিকেচন টেকন'ল'জী ছিষ্টেম মেইনটেনেন্স, ড্রাফটমেন চিভিল, ড্রাফটমেন মেকানিক, এগ্রিকালচাৰেল মেচিনাৰি মেকানিক, ৰিফ্রিজেৰেচন এণ্ড এয়াৰ কণ্ডিচনাৰ মেকানিক, অ'ট্র ব'ডি পেণ্টিং মেকানিক, অ'ট্র ব'ডি ৰিপেয়াৰ মেকানিক, কেমিকেল প্লান্ট মেইনটেনেচ মেকানিক ।
ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রমঃ
ডিজেল ইঞ্জিন মেকানিক, ট্রেক্টৰ মেকানিক, ছাৰ্ভেয়ৰ, প্লাষ্টিক প্রচেছিং অপাৰেটৰ, পাম্প অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্রচেছিং, কনষ্ট্রাকচন এণ্ড উড ৱৰ্কছ, ইনফৰমেচন টেকন'লজী, ফেব্রিকেচন (ফিটিং এণ্ড ৱেলডিং), প্লাম্বাৰ ।
ন'ন ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রমঃ ষ্টেনোগ্রাফা এণ্ড ছেক্রেটেৰিয়েল প্রেকটিচ, ছেক্রেটেৰিয়েল প্রেকটিচ, ছুয়িং টেকন'লজী, ড্রেছ মেকিং, বেচিক ক'চমেট'ল'জী, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্রগ্রেমিং এছিছটেণ্ট, ফটোগ্রাফা, এমব্রইডাৰী ।
ন'ন ইঞ্জিনিয়াৰিং ট্রেডৰ এটা চিমেষ্টাৰ পাঠ্যক্রমঃ বড়ো ট্রাইপৰাইটিং ।
ইয়াৰ উপৰিও আই. টি. আই বোৰত হ্রস্বম্যাদী পাঠ্যক্রম আছে । যেনে- ট্রেভেল এজেণ্ট এণ্ড টুৰ অপাৰেটৰৰ তিনিমহীয়া পাঠ্যক্রম, ফল- মূল আৰু শাক পাচলি সংৰক্ষণৰ তিনিমহীয়া পাঠ্যক্রম, ষ্টীল ফাৰ্ণিচাৰ মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম, গ্রীল এণ্ড এলাইড প্রডাক্ট মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম, কাৰ ছাৰ্ভিচিঙৰ ছয় সপ্তাহৰ পাঠ্যক্রম, ৰিফ্রিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিচনাৰৰ ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্রম, পাম্প ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্রম আদি আছে ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লে নম্বৰ ভিত্তিত পোনপতীয়াকৈ নামভৰ্তিৰ সুবিধা আছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ’লেও অষ্টম শ্রেণী উত্তীৰ্ণ হোৱা নম্বৰ ভিত্তিত নামভৰ্তিৰ সুবিধা আছে ৷
'ডাইৰেক্টৰেট অৱ এমপ্লয়মেণ্ট এণ্ড ট্রেইনিঙ'ৰ অধীনত অসমত ২৮ খন ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই. টি. আই. আছে । ইয়াৰে ৫ খন আই. টি. আই. মহিলাৰ বাবে সংৰক্ষিত । এই খিনিতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে বাকী আই. টি. আই বোৰতো মহিলাই প্রশিক্ষণ গ্রহণ কৰিব পাৰে । (আগলৈ)








