সপোন (জয়ন্ত নিবিড় কলিতা)


গজালি মেলা দি
সেন্দূৰীয়া আলিত
মেলিব দুবৰি ডৰা,
তাতেই দলিচা পাৰিব
আঘোণী নিয়ৰ টোপাল ।
শেৱালি বোৰ ফুলিব
সৰি পৰিব সেই
নিয়ৰ সনা দুবৰি বনত ।


আধা ফুলা গোলাপৰ পাহিত
পৰিব পাখিলাহি পখিলা,
পাৰিজাতৰ ৰেণু চতিয়াই
বলিব মলয়া বতাহ এজাক ।


পশ্চিমৰ বেলিয়েও বিদায় মাগিব
লুইতত হেঙুলীয়া ৰহন সিঁচি,
চুচুক- চামাককৈ জোনাকী বাটেৰে
আহিব বুকুৰ সেউজীয়া অৰণ্যলৈ
জোনাকী পৰুৱা এজাক ।


সন্ধিয়াৰ মৌচুমীয়ে
বুলাব মোৰ কলিজাত
এবুকু ভালপোৱাৰ ঢৌ ।
.
মোৰ উমাল বুকুৰ মাজত
প্ৰেমৰ কবিতা হৈ
তৰাবোৰে আহি কাণত
পাতিব বহু গোপন কথা ।


দূৰভাষঃ ৯৮৫৪২৭৩৮২৯