বিদায় - এক বাহানা (সঞ্জীৱ কলিতা)


বিদায় মানেই ইতি নহয়
বিদায় একুৰা জিয়া আৱেগ

বিদায়ৰ পৰাই আৰম্ভণি নতুনৰ,
দিনৰ শেষত ৰাতিৰ শেষত পুনৰ বিদায় ৷

বিদায় কেতিয়াও আবদ্ধ নহয়
কোনো ঠিকনাত,
সময়ৰ স'তে
তাৰ ঘনিষ্টতা আৰু সহবাস !

বিদায় এক নিৰ্দয় বাস্তৱ
স্মৃতিৰ অজুহাতৰ এটা কেঁকুৰি
বিদায় সভাবোৰ অনৰ্থক

আচলতে কোনো মানুহেই কাকো
বিদায় জনাব পৰা নাই আজিলৈ
বিদায় এক বাহানা !


ঠিকনাঃ মিৰ্জা
দূৰভাষঃ ৮৭২৩০৯৬৯৮২