ভালপোৱাৰ কবিতা (অনুভৱ শইকীয়া)


তোমাক ভালপোৱাৰ পৰা
অাকাশখন অাৰু বিশাল হৈছে
মিতিৰালি বাঢ়ি গৈছে
নিশাৰ তৰালি সৈ'তে ৷

লাহে লাহে এৰি পেলাইছো
নি:সংগ ৰাতিৰ চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলি ৷

তোমাক ভালপোৱাৰ পৰা
শব্দবোৰ হৈ পৰিছে
একো একোটা কবিতাৰ পংক্তি
দুচকুত দেখা দিছে
অযুত অলেখ সেউজীয়া সপোন

তোমাৰ বাবেই মেলি দিছো
মোৰ প্ৰেমৰ নৌকা
তোমাৰ হৃদয় সাগৰত
ঢৌ খেলি সোমাই পৰিব
কোনোবা বুকুৰ উপত্যকাত.....

তুমি মোৰ প্ৰেমৰ নৌকাত উঠি
গুছি অাহিব পাৰিবা
এখনি মৰম নামৰ দেশলৈ
য'ত কেৱল পাবা মৰম অাৰু মৰম
এসাগৰ মৰম অাৰু ভালপোৱা....

তোমাক ভালপোৱাৰ হেঁপাহতে কবিতা লিখিছো
এটা অৰ্থহীন বাংময় কবিতা ৷