ভোক মানুহৰ আজন্ম লগৰী
ভোকৰ তাড়নাত মানুহে
হাড়ক মাটি কৰে, তেজক পানী
তথাপি নপলায় ভোক
সেয়ে
চোৰে সিন্ধি খান্দে
বেশ্যাই শৰীৰ বেচে
ডকাইতে ডিঙিত ৰেপ দিয়ে
দুৰ্বল ভোকাতুৰ জনেও হিংস্ৰতাৰে
জঁপিয়াই পৰে সহোদৰৰ ওপৰত
ভোকৰ আগত তুচ্ছ সকলো
লাজ, আত্ম সন্মান, গৰ্ব, অহংকাৰ
কাৰণ ভোকে নিচিনে
ধনী কোন ? দুখীয়া কোন ?
(অৱশ্যে ধনীৰ বাবে ভোকৰ নাম হয় লালসা)
ধৰ্ম নিচিনে, ভাষাও নিচিনে
ভোকে খেলে কেৱল নিজৰ খেল
ভোকাতুৰ জনে ভোকৰ সৈতে আজীৱন যুঁজিও
জীণ যায় মাটিৰ বুকুত
ভোকে পাহৰায় মানুহক মানৱতা
প্ৰয়োজনক পৰিৱৰ্তন কৰে লালসালৈ
কাৰণ পেটত গামোচা বান্ধি
উজাগৰী নিশা কটোৱা জনে জানে
গাব পাৰে ভালপোৱাৰ জয়গান ।
ঠিকনাঃ নৰ্থ লখিমপুৰ কলেজ ৷








