নিঃশেষ নকৰিবা মোৰ অস্তিত্ব (মৃণাল কুমাৰ বৰা)


অকাৰণে জীয়া জুইত
নিঃশেষ নকৰিবা মোৰ অস্তিত্ব
অগোচৰে খেদি ফুৰিব
তোমালোকৰ অস্বচ্ছ হৃদয়,
জুইৰ লেলিহান শিখাত নিগৰিত
মোৰ অশৰীৰী আত্মাই ছানি ধৰিব
তোমালোকৰ ঢিপ- ঢিপ কলিজা

প্ৰজ্বলিত জুইৰ তপত তাপতো
কোনোদিনে নুশুকাব
কেতিয়াবা নিগৰি অহা
তোমালোকৰ চকুৰ চকুপানী

পুনৰ কৈছো
নিঃশেষ নকৰিবা মোৰ অস্তিত্ব
মোৰ অস্তিত্বই মোৰ আচল পৰিচয়
মইযে সত্য, শুদ্ধ, স্বচ্ছ ৷


ঠিকনাঃ পাঞ্জাবাৰী ৰোড,
ফকৰুদ্দিন আলি আহমেদ নগৰ,
পুৰানবস্তি, কৰবী পথ,
৯নং উপ পথ,
গুৱাহাটী- ২২ ৷