নিজম ঘৰখনৰ চোতালত দুভৰি নমায়েই নিজৰাৰ বুকুখন দুৰু দুৰু কঁপি উঠিছিল ৷ দুৱাৰদলি পোৱাৰ লগে লগে সেই কঁপনিয়ে সমগ্ৰ দেহাত ভূমিকম্পৰ সৃষ্টি কৰিলে আৰু তাই থিতাতে ঢলি পৰিল ৷
সন্তান জন্মৰ তিনিদিনৰ পিচত হস্পিতালৰ পৰা নিজৰাহঁত ঘৰলৈ উভতিছিল । শাহু- ননদৰ মুখকেইখন মনলৈ আনি নিজৰাই কিছুদিন মাকৰ ঘৰত থকাৰ ইচ্ছাৰে ক'লে- "যিখন ঘৰে যোৱা আঠ -ন মাহে মোৰ কোনো সমস্যা সমাধান কৰি নিদিলে, সেইখন ঘৰত মই কণমানিজনীক লৈ কষ্ট পাম মা ৷" কিন্তু মাকৰ ওচৰত তাইৰ কোনো আপত্তি নৰজিল ৷ নানা যুক্তিৰে তেওঁ নিজৰাক শহুৰেকৰ ঘৰলৈয়ে যাবলৈ মান্তি কৰালে আৰু তায়ো গিৰিয়েক মৃণালৰ কথা মনলৈ আনি সেই সিধান্ত মানি ল'লে ৷
চ'ৰাঘৰত বহি থকা মানুহখিনিয়ে হঠাতে কি হ'ল তলকিবই নোৱাৰিলে ৷ কোঠাৰ সোমাজৰ মেজত ফুলেৰে আবৃত মৃণালৰ ফটো আৰু সন্মুখত জ্বলন্ত মাটি চাকি ৷ কিছুদিনৰ পৰা কৰ্কট ৰোগত ভোগা মৃণালৰ তিলনি কৰ্ম ইতিমধ্যে সমাপ্ত হৈছিল ৷ এটা চিঞৰ মাৰি নিজৰা থিতাতে ঢলি পৰিল । নৱজাতক শিশুটি তেতিয়া আইতাকৰ কোলাত গভীৰ টোপনিত মগ্ন ৷
ঠিকনাঃ পোলোঙানী গাঁও, মাজুলী ৷
দূৰভাষঃ ৭০৮৬৩০৬৫২৯ ৷








