নীলা খামৰ চিঠি (তৃষ্ণা দেৱী)



মৰমৰ,
অয়ন,
আজি এটা ভয়ানক সপোন দেখিছিলো জানা, গভীৰ চিন্তা এটাই গা কৰি উঠা ভাব হ'ল । অয়ন আজি পূৰ্ণিমা ৰাতি চাৰিওফালে পোহৰ, এনেকুৱা দিন এটাতে তোমাৰ মনৰ কথা মোক কোৱা নাছিলা জানো, তোমালৈ বৰ মনত পৰিছে জানা, তোমাক লগ পাবলৈওঁ বহুত দূৰত থাকা তুমি । আজিকালি মই বাধ্যত বন্দী হৈ আছো জানা ? বান্ধৱী এজনী তোমাৰ গাৱঁলৈ যোৱাৰ কথা, তাইৰ হাততে চিঠি এখন পঠিয়াইছো বেয়া  নাপাবা ।

আজি বহুত দিন পাৰ হ'ল তোমাক নেদেখা তোমাৰ লগত কথা নপতা, অয়ন এইবাৰ ব'হাগত চিন্তা নকৰিবা বুজিছা লুইতৰ পাৰৰ ধনাইৰ ঢোল আকৌ বজাৱা জানা মই তোমাৰ বিহুৱতী হম, আজিলৈ থাকক দিয়া ৷


ইতি 

তোমাৰ তৰা ৷