মা (দীপ জ্যোতি)

মা,
কি বেয়া পালা মোক
একো নোকোৱাকে যে আঁতৰি গ'লা ৷

তোমাৰ আঙুলিত ধৰিয়েই
মই খোজকঢ়া শিকিছিলো ।
মোৰ মনত আছে মা,
মই হামকুৰি খাম বুলি তুমি
যে মোৰ কাষে কাষে আছিলা ।
আৰু কোচত তুলি এটি
মিঠা চুমা মোৰ গালত আঁকি দিছিলা ৷

তুমি গোৱা নিচুকনি গীতবোৰ,
ভূতৰ সাধুবোৰ,
মোৰ এতিয়াও কানত
ৰিনিকি ৰিনিকি বাজি উঠে ৷

আমাৰ সম্পৰ্কৰ কিবা
চুক্তি আছিল মা !
যে একো নক'লা মোক
মাথোঁ নিঃশব্দে নীৰৱে
আঁতৰি গ'লা ?

মা....
এটি নিচুকনি গীত গোৱা না ৷
নহ'লে যে মোৰ চকুপানীৰে
গাৰুটো তিতি যাব.....মা ।