যোৱাৰ আগে আগে (ৰুবুল মহন ফুকন)

যোৱাৰ আগে আগে
আকৌ এবাৰ চাম তোমালৈ
শেষবাৰৰ বাবে,
তোমাৰ হাঁহিত ফুলি উঠা
চম্পা ফুলৰ বাগিচাত সোমাই
আকৌ এবাৰ গুণ- গুণাম
মোৰ প্ৰিয় সেই গীতৰ কলি
তোমাক দেখা পালে
সপোন জাগি উঠে
বুকুখনি হয় তাজমহল
গুণ- গুণাম শেষবাৰৰ বাবে ।
যোৱাৰ আগে আগে
আকৌ এবাৰ চাম
বুকুৰ বাকৰিত কিমান গভীৰতালৈ শিপাইছিল
তোমাৰ মৰমে,
মোৰ হেঁপাহৰ লুংলুঙীয়া বাটেৰে
মেলি দিম মনৰ অজস্ৰ তেজাল ঘোঁৰা
তোমাৰ স্বপ্নাৰণ্যৰ অভিমুখে
শেষবাৰৰ বাবে ।
যোৱাৰ আগে আগে
আকৌ এবাৰ চাম তোমাৰ দুচকুলে,
তোমাৰ দুচকুৰ বিজুলীৰ চমকনিত
বুটলি লৈ স্মৃতিৰ টোপোলা
যাত্ৰা কৰিম ক্ৰমশঃ এন্ধাৰৰ পৰা এন্ধাৰলে ।