ব'হাগৰ সুবাস (ৰূপা গগৈ)

মৰমৰ ব'হাগ
তুমি আকৌ আহিলা,
অসম বাসীৰ বুকুত
পলাশৰ ৰং আকৌ সানিলা ।

হৃদয়ে হৃদয়ে আজি
ৰঙীন সপোন,
মনে প্ৰাণে চেনেহৰ বান্ধোন ৷

বসন্তৰ বৰষুণত জীপাল হ'ল
সেউজী ধৰণী
ন- নগছ লতা কুঁহিপাতে,
বুকুত জগাই তুলিলে
এক মিঠা মিঠা সিহঁৰণ
কুলি জনীৰ সুৱদি মাতে ৷
জুৰিয়া পেঁপাটিৰ বিহুৰ সুৰে
বলিয়া কৰি তুলিছে
পাহোৱাল ডেকাটিৰ
বিহু বলিয়া মন,
প্ৰাণ চঞ্চলা গাভৰুজনীৰ
ভৰিৰ গৰকত
অসমীয়াৰ বিহু তলী
আজিও পৰা নাই চন ।

ব'হাগ যেন এটি কোমল মিঠা অনুভৱ
অসমীয়াৰ দেহ মনৰ,
ব'হাগ যেন এটি ৰঙীন সপোন
সৰগীয় প্ৰেমৰ ।
আনি দিয়ে ব'হাগে
প্ৰাণে প্ৰাণে
একাজলী ৰঙৰ সফুৰা,
অসমীয়াৰ প্ৰাণত বান্ধি দিয়ে
এক অবুজ এনাজৰী
চিঙিব নোৱাৰা ৷

এই মৰমৰ এনাজৰীয়ে যেন
সদায় অসমীয়াৰ মন বান্ধি
ৰাখিব পাৰে
তাৰে কামনা কৰিলো ৷


ঠিকনাঃ গুজৰাট (বৰোদা)
দূৰভাষঃ ৭৮৭৪৯৫৪১৫৯ ৷