(১)
তোমাৰ দৰে এদিন
ময়ো প্ৰেমিক আছিলো ....
সপোন দেখিছিলো,
পলাশৰ দৰেই,
জোনাকী নিশা শুকুলা মেঘক সাক্ষী কৰি !
সপোনৰ দেশত ঘৰ সাজিছিলো,
কিন্তু ফাগুনীৰ ওভতনি যাত্ৰা,
বহু দূৰলৈ লৈ গ'ল
হয়টো পোহৰৰ বেগেৰে গ'লেও
মই লগ ধৰিব নোৱাৰিম সঁচাই ৷
(২)
এদিন আহিছিলা,
ৰঙা ফাগুন হৈ,,,
যৌৱনা দেহৰ - চঞ্চলা মনৰ
বস্ত্ৰৰ আঁৰৰ নগ্ন দেহ পিপাসুক
প্ৰেমৰ কঠীয়া সিচিবলৈ
অনুমতি বিচাৰিছিলা,
সেইয়া আজি এক বেয়া সপোন
মই কোৱা নাই,
যাবৰ পৰত তুমিয়েতো কৈছিলা
পাহৰি যোৱা,
বেয়া সপোন বুলি
বাকৰুদ্ধ হৈ পৰিছিলো
অন্ধকাৰ কোঠাত যেন সোমাই পৰিলো
অক্সিজেনৰ অভাৱ ,,,
পোহৰৰ অভাৱত
তিল তিলকৈ মৃত্যু হ'ল এখন হৃদয়
অতৃপ্ত আত্মাই আজিও হুকহুকাই কান্দে
ৰঙা ফাগুন আগমনৰ বাতৰি পালে
ৰঙৰ অবিহনে ৰামধেনুৰ সৌন্দৰ্য্য ক'ত
প্ৰেমৰ নিষ্ঠুৰতাই কাঢ়ি নিলে সমগ্ৰ
সম্প্ৰতি ৰং নোহোৱা এখন ৰামধেনুৰ জীৱন ৷
(৩)
মদাৰ ফুলিবৰ সময় হ'ল
মোৰ হিয়াত জুই জ্বলাই
তুমি পলাশৰ লগত
ফাগুনৰ বতাহ জাকৰ লগত
প্ৰেমত পৰিছা ,,,,
ফাগুনৰ প্ৰথম জাক বৰষুণত তিতাৰ
মোৰো হেঁপাহ আছিল নিশ্চয়কৈ ,,!
হয়টো সেইদিনাই মোৰ,,,,
হৃদয়খন নিৰস হৈ পৰিছিল
শুকুলা মেঘে যেতিয়া অন্ধকাৰ নমাই
গুজৰি গামৰি আহিছিল
কেমেৰাত ফ্লাছ মৰা দৰে
আকাশীয়ে যেতিয়া বৰষুণ দিয়াৰ
মিছা প্ৰতিশ্ৰুতি দিছিল
তৃষ্ণাতুৰ হৈ থকা হৃদয়খনক
জীপাল কৰিবলৈ নাহিল সেই
ফাগুনৰ প্ৰথমজাক বৰষুণ
তোমাৰ দৰে এদিন ময়ো প্ৰেমিক আছিলো ৷
ঠিকনাঃ সাংবাদিক, নিয়মীয়া বাৰ্তা, গোলাঘাট ৷
দূৰভাষঃ ৯৪৩৫৪৪৮৮০৪ ৷
তোমাৰ দৰে এদিন
ময়ো প্ৰেমিক আছিলো ....
সপোন দেখিছিলো,
পলাশৰ দৰেই,
জোনাকী নিশা শুকুলা মেঘক সাক্ষী কৰি !
সপোনৰ দেশত ঘৰ সাজিছিলো,
কিন্তু ফাগুনীৰ ওভতনি যাত্ৰা,
বহু দূৰলৈ লৈ গ'ল
হয়টো পোহৰৰ বেগেৰে গ'লেও
মই লগ ধৰিব নোৱাৰিম সঁচাই ৷
(২)
এদিন আহিছিলা,
ৰঙা ফাগুন হৈ,,,
যৌৱনা দেহৰ - চঞ্চলা মনৰ
বস্ত্ৰৰ আঁৰৰ নগ্ন দেহ পিপাসুক
প্ৰেমৰ কঠীয়া সিচিবলৈ
অনুমতি বিচাৰিছিলা,
সেইয়া আজি এক বেয়া সপোন
মই কোৱা নাই,
যাবৰ পৰত তুমিয়েতো কৈছিলা
পাহৰি যোৱা,
বেয়া সপোন বুলি
বাকৰুদ্ধ হৈ পৰিছিলো
অন্ধকাৰ কোঠাত যেন সোমাই পৰিলো
অক্সিজেনৰ অভাৱ ,,,
পোহৰৰ অভাৱত
তিল তিলকৈ মৃত্যু হ'ল এখন হৃদয়
অতৃপ্ত আত্মাই আজিও হুকহুকাই কান্দে
ৰঙা ফাগুন আগমনৰ বাতৰি পালে
ৰঙৰ অবিহনে ৰামধেনুৰ সৌন্দৰ্য্য ক'ত
প্ৰেমৰ নিষ্ঠুৰতাই কাঢ়ি নিলে সমগ্ৰ
সম্প্ৰতি ৰং নোহোৱা এখন ৰামধেনুৰ জীৱন ৷
(৩)
মদাৰ ফুলিবৰ সময় হ'ল
মোৰ হিয়াত জুই জ্বলাই
তুমি পলাশৰ লগত
ফাগুনৰ বতাহ জাকৰ লগত
প্ৰেমত পৰিছা ,,,,
ফাগুনৰ প্ৰথম জাক বৰষুণত তিতাৰ
মোৰো হেঁপাহ আছিল নিশ্চয়কৈ ,,!
হয়টো সেইদিনাই মোৰ,,,,
হৃদয়খন নিৰস হৈ পৰিছিল
শুকুলা মেঘে যেতিয়া অন্ধকাৰ নমাই
গুজৰি গামৰি আহিছিল
কেমেৰাত ফ্লাছ মৰা দৰে
আকাশীয়ে যেতিয়া বৰষুণ দিয়াৰ
মিছা প্ৰতিশ্ৰুতি দিছিল
তৃষ্ণাতুৰ হৈ থকা হৃদয়খনক
জীপাল কৰিবলৈ নাহিল সেই
ফাগুনৰ প্ৰথমজাক বৰষুণ
তোমাৰ দৰে এদিন ময়ো প্ৰেমিক আছিলো ৷
ঠিকনাঃ সাংবাদিক, নিয়মীয়া বাৰ্তা, গোলাঘাট ৷
দূৰভাষঃ ৯৪৩৫৪৪৮৮০৪ ৷







