ৰেচকী কবিতা (তুতুল মানৱ)

ভৰা জোনৰ হাঁহি
নাৰিকল পাতৰ সুৰুঙাৰে আহি
খিৰিকীৰ আইনাত কঁপিছে

ময়ো কঁপিছো ফিৰফিৰীয়া বাত
অকলশৰে উজাগৰে
.
পৰিত্যক্ত ভগ্ন
অতিথিশালাৰ সন্মুখত
যেন নৈশ প্ৰহৰীহে ৷