প্ৰতিবাদৰ জুই (তৃষ্ণা শইকীয়া)


নিজকে বুজাব নোৱাৰো
প্ৰতিবাদৰ জুই কুৰাত
পুৰি ছাই হৈ যাওঁ ৷

কিন্তু, এইয়া কিহৰ প্ৰতিবাদ
ক্ষমতাৰ প্ৰতিবাদ
অৰ্থহীন নহয় এয়া
সমতাৰ প্ৰতিবাদ অৰ্থহীন হ'ব নোৱাৰে ৷

প্ৰতিবাদৰ জুইকুৰা জ্বলিছে
দাওদাওকৈ জ্বলিছে
বিলীন হৈ গৈছে কিমান জীৱন
তথাপিও এই জুই জ্বলিয়ে থাকিব ৷

এয়াটো প্ৰতিবাদৰ জুই
সমতাৰ প্ৰতিবাদ ৷
ঠিকনাঃ নগাওঁ ৷