আঁউসীৰ দৰে আন্ধাৰ যেন মোৰ মনতো,
তেওঁ আহে পূৰ্ণিমাৰ জোন হৈ,
কোনোদিন স্পৰ্শ কৰিব নোৱাৰো বুলি জানিও,
বাৰে বাৰে প্ৰেমত পৰো জোনটিৰ,
গুচি গ'লেও তেওঁ,
উদং নহয় মোৰ হৃদয় চুবুৰি,
কাৰণ ভৰি আছে অকুণ্ঠ প্ৰেমৰ নদী ৷
তেওঁৰ প্ৰেমত মাতাল হৈ হেংঅভাৰ হ'বলৈও
তেওঁৰ কায়িকতা অপ্ৰয়োজন মোৰ বাবে,
তথাপিও অপেক্ষাৰত মই,
কিজানিবা তেওঁ আহেই,
মায়াময় জোনাকী গধূলিত,
মোৰ নিজান পদূলি কৰি উদুলি - মুদুলি ৷
ঠিকনাঃ নাওজান, গোলাঘাট,
দূৰভাষঃ ৭০০২৭২৬৯০৮ ৷








