সম্পাদকীয় একলম

প্ৰেম মানে হৈছে এক স্বৰ্গীয় অনুভূতি, য’ত নেকি দুখন হৃদয়ৰ মিলন অথবা বিপৰীত লিংগৰে এজনে আনজনৰ প্ৰতি থকা যি মৰম স্নেহ সেয়াই হৈছে প্ৰেম । কিন্তু প্ৰেম প্ৰকাশ কৰিব পৰা নাযায় মাথোঁ অনুভৱহে কৰিব পাৰি । পৃথিৱীত বাস কৰা প্ৰত্যেকজন ব্যক্তিৰেই এবাৰ হ’লেও প্ৰেম হৈছে নতুবা প্ৰেমত পৰিছে । প্ৰেম গঢ় লৈ উঠে বিশ্বাস আৰু বুজাবুজি জৰিয়তে, য’ত থাকিব লাগিব এজনে আনজনৰ থকা নিৰ্ভৰশীল, সেয়াই হৈছে প্ৰকৃত প্ৰেম । কিন্তু কিছুমান প্ৰেমত বুজাবুজি, বিশ্বাস নাথাকে, তেতিয়া সেই প্ৰেমক প্ৰকৃত প্ৰেম বুলি ক’ব নোৱাৰি । প্ৰেমৰ সম্পৰ্কে বিভিন্ন জনে বিভিন্ন ধৰণে সংজ্ঞা আগবঢ়াইছে । এজনে যদি প্ৰেম মানে দুখন হৃদয়ৰ মিলন বুলি কৈছে, কিন্তু আন এজনে আকৌ কৈছে প্ৰেম হৈছে এক যন্ত্ৰণা, বিশ্বাস, মিঠা আমেজ আৰু প্ৰেৰণা দায়ক ইত্যাদি ইত্যাদি ।

ইংৰাজী ১৪ ফেব্ৰুৱাৰী দিনটো প্ৰেমিক প্ৰেমিকা সকলে প্ৰেমৰ ‘ভেলেণ্টাইন ডে’ৰ উৎসৱৰ দিন হিচাপে পালন কৰা দেখা যায় বা কৰে । এই ‘ভেলেণ্টাইন ডে’ প্ৰাশ্চাত্য দেশৰ পৰা আহিছে । এই ‘ভেলেণ্টাইন ডে’ খ্ৰীষ্টীয়ান ব্যক্তি ছেণ্ট ভেলেণ্টাইনৰ পৰা উৎপত্তি হৈছিল । তেওঁৱেই আছিল পৃথিৱীৰ প্ৰথম প্ৰকৃতপ্ৰেমৰ পূজাৰী । আনহাতে অতীতত প্ৰেমক লৈ বহুজনে বিভিন্নধৰণৰ ইতিহাস ৰচি থৈ গৈছে । যেনে – ডাণ্টে বিয়েট্ৰিছ, চাহজাহান মমতাজ ইত্যাদি…. ।

প্ৰেমক আমি অন্ধ বুলিও কওঁ । ই কেতিয়াও ধনী-দুখীয়া, জাতি, ধৰ্ম-বৰ্ণ আদি বিচাৰ নকৰে । প্ৰেমক কেতিয়াও বিবাহ বুলি ভাৱিব নোৱাৰি ।এজন প্ৰেমিক প্ৰেমিকাই প্ৰেমৰ জৰিয়তে যি সপোন দেখে, আশা কৰে সেইবোৰ বাস্তৱত কেৱল বিবাহৰ জৰিয়তেহে সম্ভৱ হয় বুলি ক’ব পাৰি বা হৈ আহিছে । বৰ্তমান সময়ত কিছুমান লোকে প্ৰেমত পৰি যন্ত্ৰণাত ভূগি মৃত্যু হোৱা দেখা যায় । প্ৰেমে কেতিয়াবা যন্ত্ৰণাৰে ভৰা এটা জীৱন দিয়ে যদিও, ই কেতিয়াবা সুখ, হাঁহিৰে ভৰা এটা জীৱনও উপচাই দিয়ে । গতিকে ইয়াক কেতিয়াও যন্ত্ৰণা বুলি ক’ব নোৱাৰি ।

এতিয়া আমি দেখিবলৈ পাও সময়ৰ লগত খুজ মিলাই প্ৰেমৰ ৰূপ পৰিবৰ্তন হৈছে । অতীতৰ যি মৰম ভালপোৱা আছিল কিন্তু বৰ্তমান মৰম ভালপোৱাৰ তুলনাত বহু পৰিবৰ্তন হৈছে । বৰ্তমান প্ৰেমিক প্ৰেমিকা সকলে প্ৰেমত মৰম, স্নেহ পৰিৱৰ্তে ধনী দুখীয়া হে বিচাৰে । টকাৰে সকলো কিনিব বিচাৰে । কিন্তু সঁচা অৰ্থত প্ৰকৃত প্ৰেম টকাৰে কিনিব পাৰি জানো ? নোৱাৰি….. । প্ৰকৃত প্ৰেমৰ বাবে এখন কোমল অন্তৰ হৃদয় প্ৰয়োজন য’ত নিদিৰ্ষ্ট সীমাৰেখা মাজত থাকি প্ৰেম হয় ।

ধন্যবাদেৰে-
ডিম্পল গগৈ
দূৰভাষঃ ৮৮৭৬৬৩১১২৬ ।