মুখ্য সম্পাদকৰ একলম

অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিবেশন আৰম্ভ হৈছে ৷ অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোৰ প্ৰতি প্ৰতিজন অসমীয়াৰে মৰম আছে ৷ আশা কৰোঁ অসম সাহিত্য সভাই অনাগত ভৱিষ্যতে অসমীয়া সাহিত্য - সংস্কৃতিৰ বৰপেৰা সযতনে সংৰক্ষণ কৰিব ৷ 
কিন্তু অসম সাহিত্য সভাৰ ভিতৰচ'ৰাত সংঘতিত বিভিন্ন ঘটনাৱলীয়ে জনমানসত জাতীয় অনুষ্ঠানভাগিৰ জনপ্ৰিয়তাত নেতিবাচক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ অসমীয়া সাহিত্যৰ বৰেণ্যসকলে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ ৷


জয়তু অসমীয়া ভাষা 
জয়তু অসম সাহিত্য সভা ৷


প্ৰান্তত 

প্ৰাঞ্জল বৰা ৷