বিপন্ন গধূলি (নিৰুপম গগৈ)

শিহৰিত হৃদপৃণ্ডৰ জলঙাৰে
সোমাই আহিছে এটা বিপন্ন গধূলি
বঙালী তিৰোতাবোৰে
বজাব ধৰিছিল সমুদ্ৰশংখ
সন্ধ্যা লগ্নৰ জেউতি বতাহ
সিঁচৰত হৈছিল চৌপাশে
যেন বিয়পি পৰিব প্ৰাণগঙ্গাৰ
জ্যোতিৰূপা ঢল ।


দিক্-ভ্ৰান্ত গধূলিৰ ম্ৰিয়মান সময়ত
শুই পৰে সম্ভ্ৰান্ত পৃথিৱী
উদং হৈ পৰে চহৰ মানুহ
ফুটপাথৰ বলিয়া কুকুৰ
মাথোঁ জিলিকি থাকে
নিয়ন লাইটৰ পোহৰত
ওখতকৈও ওখ বহু ৰঙী
নানান বিজ্ঞাপনৰ পোষ্টাৰ ।

হঠাৎ মই সাৰ পাইছিলো
নিজকে নিজৰ ওচৰত আত্মসমৰ্পন কৰি
গধূলিক তদন্তৰ এজাহাৰ দিছিলো
আকৌ যেন হত্যা কৰিম
গধূলিৰ গধুৰ ঘাতকক ।

অপ্ৰাসঙ্গিক এজাহাৰত
বিচ্ছিন্ন হৈ পৰিছিল গধূলি
অন্তৰ পৰা অনন্তলৈ চলিছিল বেমেজালি
পোহৰৰ আলেঙত সুযোগ বিচাৰি
অদৃশ্য হৈ পৰিছিল সেই গধূলি ।