"সেইটো কিমান দামী আছিল তই জাননে ? তোৰ তিনিটা জনম গ'লেও তেনেকুৱা এটা কিনিব নোৱাৰ ! চাল্লা ভিকহুৰ জাত! !" - বনকৰা ল'ৰাটোৰ ঝাৰু দাল লাগি ফুলদানি এটা সৰি পৰিল । আৰু তাকে লৈ এতিয়া মালিকনীয়ে মা কালীৰ ৰূপ ধাৰণ কৰিছে । পিছফালৰ বাৰাণ্ডাত আঁঠুকঢ়াই ঝাৰুদাল উভতাই লৈ তাক কোবাই আছে ।
ঠিক তেনেতে আগফালৰ চোতালত গলফৰ প্ৰেকটিচ কৰি থকা পুতেকৰ বলে আহি ৱাল টি ভিটো খহাই দিলে ।
"এইবাৰ এইটোতকৈ ডাঙৰ আৰু দামী এটা ল'ব লাগিব" - ভয়ে ভয়ে মাকলৈ চাই থকা ল'ৰাটোক বুকুৰ মাজত সোমোৱাই লৈ ঘৰৰ মালিকনীয়ে ক'লে ।
পিছফালৰ বাৰাণ্ডাৰ পৰা এটা উচুপনি ভাঁহি আহিল ।
ঠিকনাঃ ঢকুৱাখনা কলেজ,
দূৰভাষঃ ৮৪৭২০৪৮৪৫১








