লুংলুঙীয়া আলিবাটটিৰে বেলিটি যাবৰে হ’ল ৷ মায়াই বাৰে প্ৰতি পদূলিলৈ অহা - যোৱা কৰি আছে ৷ আন্ধাৰ আৰু পোহৰৰ তাগিদাত যেন তাইৰ চকুহাল অস্তমিত আবেলিৰ দৰেই হৈ পৰিছে ৷ সৌ ফাগুনৰ দিন এটিতে গীতে তাৰ নামৰ সেন্দূৰকণ মায়াৰ শিৰৰ স্বপ্নত আঁকি দিম কৈছিল ৷ তাই গীতক সুধিছিল, ’কৃষ্ণচূড়াৰ ৰংবোৰ কিয়বা ইমান আলফুল ? সি মাথোঁ নীলিম আকাশখনলৈ চাইছিল ৷ সুখৰ পম খেদি খেদি মৌন ওঁঠ মুখৰ হৃদয়খন মুখৰিত হৈ পৰিছিল এটি গীতৰ গুণগুণনি ৷ টিলিং.... টিলিং ...... তাইৰ বুকুখন চিৰিং কৰি গ’ল ৷ আজি দুসপ্তাহ ধৰি গীতে চিঠিৰ উত্তৰ দিয়া নাই ৷ আজিও ডাকোৱালজনে একো বাতৰি নিদিলে ৷ বুকুৰ খুবলিত এশ এবুৰি ভাৱনাই ভিৰ তুলি তাই প্ৰতিটো নিশা উজাগৰে পাৰ কৰিছে ৷ নিৰৱতাৰ আঁচলখন টানি পুৰণি চিঠিবোৰতে জোনাকৰ উপমা ৰচে ৷ তাকে লৈ এতিয়া তাই আৱিস্কাৰ কৰিছে নিজক গীতৰ সুবিশাল সেউজীয়াৰ ভাঁজত ৷ তথাপি লাহে লাহে অপেক্ষাৰ দো খোৱা প্ৰতিটো ক্ষণ প্ৰতিটো সতেজ সহাৰি মেলানি মাগিচে আন্ধাৰৰ বুকুত ৷
ঠিকনাঃ নকছাৰী, যোৰহাট ৷








