শেতেলিত আইৰ উচুপনি,
পথাৰখনলৈ উদাস মনে চাইছে পিতায়
বানে ধুই নিয়া পথাৰ,
সপোনবোৰ গজালিতে তেমৰহিল,
ভঁৰালত উদং,
এমাহলৈ নুজুৰে ধান,
বাঁহৰ খুটাত সাঁচতীয়া ধন,
আইৰ গহণা খিনিও বন্ধকিত;
পিতায়ে চাইছে পথাৰখনলৈ,
এটি হুমুনিয়াহ,
ৰৈ যায় পিতায়,
কাষতে দিখৌনৈ,
উভতি গ'ল দিখৌৰ পাৰলৈ,
পশ্চিম আকাশৰ বেলিটিৰ লগত
পিতায় যাব খোজে
নিঃশেষ হৈ,
হঠাত্ আইৰ চিঞৰ,
ৰৈ যায় পিতায়,
চকুলোৰে ওফন্দা আইৰ মুখ,
অলপ ভয়, অলপ খং,
ঘৰলৈ যাওঁ বল,
পিতায় নিশ্চুপ,
লাহে লাহে খোজ দিয়ে ঘৰলৈ,
দিখৌৰ পাৰে পাৰে ওভতনি ৷







