বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
অকবিতা ( নিলম সিংহ)
সভ্যতাৰ বুকুত
অসভ্যৰ দপদপনি... চাৰিওফালে মাথো চিৎকাৰ,
বতাহত ভাহে
কেঁচা তেজৰ গোন্ধ ।
ধৰ্মৰ নামত
অধৰ্মৰ জয়গান.....
এখন হাতত থাকে ধৰ্মগ্ৰন্থ
আনখনত জিলিকে আগ্নেয়াস্ত্ৰ ।
বন্ধ কৰা হে মানৱৰূপী দানৱ
শ্ৰেষ্ঠত্বৰ এই
ভয়াবহ খেল ।