ভালপোৱাৰ সেউজ ব্যঞ্জনা (ৰূপামণি গগৈ)













তোমাৰ আকুণ্ঠ ভালপোৱাত

মই দিনে দিনে হৈ উঠো স্বপ্নবিলাসী

তোমাক নিজৰ কৰা দিনটোত অথবা
মই তোমাৰ হোৱাৰ সেই
মিঠা এটি ক্ষণ

হোমাগ্নিক স্বাক্ষৰ নকৰিলেও আমাৰ বুকুত খোদিত হয় স্বপ্নৰ সাত সমুদ্রৰ জোৱাৰ

মোৰ মনত
মোৰ দেহত
মুঠি মুঠি মৰমৰ জোনাক সিচৰিত হয় তোমাৰ নামত

এদিন
আমাৰ সপোনবোৰ চুই চাম

ৰামধেনুৰঙী অনুভৱবোৰ সজীৱ কৰি

ৰাতিৰ জোনালীত বিচাৰিম

নদী আৰু আকাশৰ
তৰা আৰু অৰণ্যৰ
গোপন চুক্তিৰ মধুময়
সেউজ ব্যঞ্জনা

মই সমস্ত অধিকাৰে কম

মোক
তোমাৰ বিশ্বাস আৰু আস্থা দিয়া

তোমাৰ মৰম আৰু ভালপোৱা দিয়া মই সুখী হম

তোমাক লৈ

ঠিকনাঃ চৰাইদেউ, সাপেখাটী