ৰাখে হৰি মাৰে কোন মাৰে হৰি ৰাখে কোন (দেৱৰাজ কলিতা)

১৯৯৬ চনৰ চেপ্তম্বৰ মাহত মোৰ দেহত দুৰাৰোগ্য বুলি ভবা কেনচাৰ ৰোগ ধৰা পৰাৰ পিছতে চিকিৎসক আৰু বন্ধু বান্ধৱৰ পৰামৰ্শ মতে লগত মোৰ মামাৰ মাজু ল'ৰাক একমাত্র সাৰথি কৰি চেন্নাইৰ (তেতিয়া মাদ্ৰাজ নাম আছিল) আদিয়াৰত থকা কেনচাৰ প্ৰতিষ্ঠানলৈ উন্নত চিকিৎসাৰ বাবে গৈছিলো আৰু গৈয়েই আমি আদিয়াৰৰ শ্ৰীৰাম নগৰত থকা এখন লজত এটা ৰুম লৈ আশ্ৰয় লৈছিলো ৷ উদ্দেশ্য আছিল পিছদিনা সেই নিদিৰ্ষ্ট চিকিৎসালয়ত মোৰ অসুখৰ চিকিৎসা কৰিম ১৯৮৩ চনৰ পৰা নিজৰে কেচুৱাৰ চিকিৎসাৰ বাবে ভেলোৰত মাহৰ পিছত মাহ ধৰি আছিলো যদিও কেনচাৰ বেমাৰ বা চিকিৎসাৰ ক্ষেত্ৰত মোৰ কোনো অনুভৱ বা অভিজ্ঞতা নাছিল। চেন্নাইৰ হোটেলত গৈ নিজকে আচহুৱা লাগিছিল আৰু কোনোবা চিনাকি মানুহ বা কোনোবা অসমীয়া মানুহ দেখো নেকি উৎসুক হৈ পৰিছিলো ৷ অলপ পিছত দেখা পাইছিলো এটা অসমীয়া পৰিয়াল আমাৰ ৰুমৰ সন্মুখৰ ৰুমতে আছে । মই আগ্ৰহেৰে তেওঁক মাত দিছিলো আপোনালোকে কৰ পৰা আহিছে । তেখেতে নিজৰ পৰিচয় দিয়াৰ উপৰিও তেওঁলোক অসমৰ বিশ্বনাথ চাৰি আলিৰ পৰা যোৱা বুলি কৈছিল । তেতিয়া মই বৰ আনন্দ পাইছিলো আৰু সাহস পাইছিলো আৰু মোৰো এজন ভাল বন্ধু বিশ্বনাথ চাৰি আলিত আছে বুলি কৈছিলো আৰু নামটো কওঁতে তেখেতে চিনি পাও কৈছিল ।তেতিয়ালৈ ভাবা নাছিলো তেখেত সকল তিনি জনৰ কাৰ কি অসুখ আছিল ।তেখেত পত্নী আৰু এজনী দিপলিং ছোৱালী ।তেখেতে কথা প্ৰসংগত কৈছিল এমাহৰ ওপৰত হ'ল তেওঁলোকৰ তাত থকাটো ৷ কাৰ কি হৈছে বুলি মই প্ৰশ্ন কৰোতে কৈছিল ছোৱালী জনীৰ দেহত ব্লাড কেনচাৰ ধৰা পৰিছে আৰু তাৰ বাবে তাত দীঘলীয়া দিন ধৰি আছে । দেখিলে ভাব নহয় ছোৱালী জনীৰ দেহত ৰৈছিল ভয়ানক ৰোগ । মই কিছু কথা জানিবলৈ কিছু প্ৰশ্ন কৰিবলৈ খুজিও থমকি ৰৈছিলো । কি বা ভাবে । আমি ৰাতিটো ৰুমৰ উৎকত গৰমত কটালো আৰু পুৱাতে উঠি চিকিৎসালয়লৈ ধাপলি মেলিছিলো । গধুলি চিকিৎসালয়ৰ পৰা ঘুৰি অহাৰ পিছত পুনৰ চিনাকি হৈছিলো আৰু মোক তেওঁলোকৰ কোঠাৰ ভিতৰলৈ মাতি নি বহিবলৈ দিছিল আৰু মোৰ সকলো খবৰ লৈছিল । তেনেকৈ তেখেতৰ পৰিয়ালৰ লগত এটা ভাল সম্পৰ্ক গঢ় লৈ উঠিছিল । আমি ইতিমধ্যে হোটেলৰ পৰা ওচৰত থকা ঘৰলৈ মাহেলি হিচাবে ৰুম ভাড়া কৰি গুচি গৈছিলো যদিও আমাৰ মাজত সম্পৰ্ক অতুত আছিল । তাত সকলোৱে নিজৰ অসুখৰ কথা লৈ ব্যস্ত থাকে কাৰণ সকলোৱে চিকিৎসাৰ বাবে তালৈ যায় । কিন্তু সকলোৱে তাত জানিছিল যে মই হয়টো সকলোৰে বাবে ব্যতিক্ৰম আছিলো আৰু সকলোৰে খবৰ লৈ ফুৰাৰ উপৰিও যাক যিদৰে পাৰো সহায় কৰিছিলো । মোৰ সকলো পৰীক্ষা নিৰিক্ষা কৰাৰ পিছত প্ৰথম অৱস্থাত মোক ত্ৰিশতা ৰে ল'ব লাগিব বুলি কৈছিল আৰু সেইমতে মোৰ চিকিৎসা আৰম্ভ হৈছিল । প্ৰথমে মই চিকিৎসালয়ত আছিলো আৰু একো অভিজ্ঞতা নাছিল আনকি কোনেও একো কথা বা দিহা পৰামৰ্শ দিয়া নাছিল । তথাপিও মই হতাশ হোৱা নাছিলো আৰু নিজৰ কৰ্তব্য কৰাৰ উপৰিও আনক কিদৰে সহায় কৰিবলৈ পাৰো চেষ্টা কৰিছিলো । কিছুদিন বৰা বুলি মানুহ জনক লগ পোৱা নাছিলো কাৰণ মই চিকিৎসালয়ত আছিলো ।

এনেতে মই চিকিৎসালয়ৰ পৰা ৰুমলৈ আহি ৰুমৰ পৰা চিকিৎসা মানে ৰে লম বুলি ভাবিলো আৰু সেই মতে চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা লয়ত আহি আছিলো । এসময়ত মোৰো অৱস্থা বেয়া হৈ পৰিছিল কথা বন্ধ হৈ খাবলৈ নোৱাৰা হৈছিলো যদিও মই হতাশ হোৱা নাছিলো । মোৰ সন্মুখতে বহুতো ৰোগীৰ কষ্ট হৈ হাৰ মানি মৃত্যু হৈছিল । বৰাক মই লগ পাইছিলো আৰু বহুতো অসমীয়া ৰোগীক লগ পাইছিলো । বৰাই কৈছিল কলিতা আমি জানি শুনিও এটা বিৰাট শূণ্যৰ পিছত যেন দৌৰি আছো যাৰ ফল শূণ্য । মই কৈছিলো কথাটো সত্য যদিও আমি চেষ্টা কৰিব লাগিব । কথাতে কয় নাওঁ নুবুৰে মানে বাবা আৰু মানুহ নমৰে মানে চাবা ।তেখেতে হয় কৈছিল । মোৰ ৰে লোৱা শেষ হৈছিল কিন্তু ৰে লোৱাৰ পিছত আৰু ৰে লৈ থকাৰ মাজত কিছুমান যে অসহ্য প্ৰতিক্ৰিয়া হয় সেই কথা কোনেও কোৱা নাছিল বাবে তাৰ বহুত ফল ভূগি নিজেই যুদ্ধ কৰি তাৰ পৰা পৰিত্ৰাণ পাইছিলো ।মোক এমাহৰ পিছত পুনৰ চেক আপত মাতিছিল ।ইতিমধ্যে বৰাই মোৰ আগতেই অসমলৈ ঘুৰি আহিছিল ৷ আমি ঘৰলৈ আহিছিলো ৷ বৰা এজন স্কুল শিক্ষক আছিল আৰু চৰকাৰৰ কোনো অনুমতি নোহোৱাকৈ জীয়েকক চিকিৎসা কৰিবলৈ নি লাখ লাখ টকা খৰচ কৰিছিল ৷ মই তেখেতক কৈছিলো যে তেখেতে চিকিৎসাৰ সকলো নথি পত্ৰ লৈ গ'লেই মই গুৱাহাটী গৈ স্বাস্থ্য সঞ্চালকৰ অফিচৰ পৰা মোৰ চিনাকি লোকৰ দ্বাৰা অনুমোদন কৰাই চিকিৎসাৰ বাবে খৰচ হোৱা টকাখিনি পোৱাৰ ব্যৱস্থা নিশ্চয় কৰি দিম ৷ তেখেতক মই সকলোবোৰ নিৰ্দেশ দিয়ামতে এদিন আমাৰ গুৱাহাটী ঘৰত উপস্থিত হৈছিল আৰু মই সকলো খিনি কামত সহায় কৰিবলৈ এজন চিনাকি লোকক কোৱাত তেখেতৰ কামটো হোৱাত বহুত আনন্দ পাইছিলো ৷ তেখেতে আমাৰ ঘৰত আহি মোক কৃতজ্ঞতা জনাইছিল ৷ এইদৰেই তেখেতৰ যাত্ৰা চেন্নাই চহৰলৈ অব্যাহত থকাৰ সময়তে আমাৰো নিজৰ বাবে চেন্নাইলৈ আমাৰ যাত্ৰা অব্যাহত আছিল ৷ পুনৰ এবাৰ চেন্নাইৰ আদিয়াৰত বৰাৰ পৰিয়ালটো লগ পাইছিলো তেতিয়া বৰা যেন অলপ ভাঙি পৰিছিল আৰু হতাশ হৈছিল ৷ চিকিৎসাৰ ক্ৰটি কৰা নাছিল যদিও তেওঁৰ মনত এটা ভাৱ সৃষ্টি হৈছিল তেওঁ যেন বৃথা চেষ্টা কৰিছে তেওঁৰ সকলো চেষ্টা যেন বিফল হ'ব ৷ এইদৰেই তেওঁ নিজৰ একমাত্র মৰমৰ জীয়েকৰ গুৰুত্বপূৰ্ণ ৰোগৰ চিকিৎসা কৰি আছিল ৷ আমি দ্বিতীয় বাৰ চেক আপত যাওঁতে চাৰ্জাৰী ডাক্তৰে এটা চাৰ্জাৰী কৰিব লাগিব বুলি কৈছিল কিন্তু আমি প্ৰস্তুত হৈ যোৱা নাছিলো বাবে ঘৰলৈ ঘুৰি আহি পুনৰ গৈ প্ৰথম চাৰ্জাৰীটো কৰিছিলো ৷ বৰা ছোৱালীৰ খবৰ মই মোৰ বন্ধুৰ পৰা পাই আছিলো ৷ মই নিজৰ চিকিৎসাৰ বাবে মাহে দুইমাহে তিনি মাহে ছয় মাহে তাৰ পিছত বছৰ চেন্নাই আদিয়াৰ গ'লো আৰু বহুত চাৰ্জাৰী মোৰ চিকিৎসা সংক্ৰান্তত কৰিবলৈ লগা হ'লো ৷ মই হতাশ হৈ পৰিলেও কিবা এটা অপাৰ শক্তিয়ে মোক জগ্ৰত কৰি তোলে আৰু সকলো ভয়ত ওফৰাই মই মোৰ চিকিৎসকৰ মতে সকলো কৰিছিলো আৰু আজিও আত্ম বিশ্বাসৰে সকলো কৰি আছো ৷ এদিন বন্ধু বৰুৱাই মোক ফোনত মেছেজ কৰি খবৰ দিছিল কলিতা খবৰ এটা পাইছে নে ? মই উৎসুক হৈছিলো আৰু যেতিয়া গম পাইছিলো সেই চিৰন্তন সত্যটো যে শিক্ষক বৰাৰ সেই দিপলিপ মৰম লগা ছোৱালীজনী আৰু এই সংসাৰত নাই তেতিয়া মোৰ মনত বাজি উঠিছিল বৰাই কোৱা সেই কথাষাৰ যে কলিতা আমি এটা বিৰাট শূণ্যৰ পিছত দৌৰি আছো ৷ হয় তেওঁৰ চেষ্টা জানো তেওঁ কোৱা দৰেই বৃথা চেষ্টা আছিল ৷