সেই কিবা লাজতে পৰি গ'লো (হিৰণ্য কুমাৰ ভট্টাচাৰ্য)

তেতিয়া বয়স ১২ কি ১৩ বছৰ মই হাইস্কুলত পঢ়ি আছোঁ । গৰমৰ বন্ধত সেই বয়সত বহুত ফুৰিবলৈ মন । পৰীক্ষাৰ আৰম্ভ হোৱাৰ আগৰ পৰাই দিনবোৰ গনি থাকো কেইটা দিন আছে কেইটা দিন আছে বুলি গৰম বন্ধলৈ । যাব লগাও আমাৰ তেনেকুৱা অঙহী বঙহী নোহোৱা হেতুকে মামাৰ ঘৰত যোৱাৰ কথাকেই ভাৱিলোঁ । আহিল সেই অপেক্ষাৰত গনি থকা দিনটো । ভবা কথা অনুসৰি মামাৰ ঘৰলৈ গ'লো মাৰ লগতে । সেই সময়খিনিত আমাৰ মামাহতৰ আইতা জনী বেমাৰত ভুগি আছে । মা দুদিনমান থাকি মোক মামাৰ ঘৰতেই থৈ আহিলে যিহেতু স্কুল গৰমৰ বন্ধ । মইতো ভালেই পালো ফুৰিব পোৱাৰ আশাত । তাতে আকৌ মামাৰ ঘৰ গুৱাহাটীত গৈছো গাঁৱৰ পৰাই । স্কুল খুলিলে লগৰ সমনীয়াক ক'ব লাগিব ক'ত গ'লো ফুৰিব শুধিব । কি চালোঁ ? এনেকৈ দুদিনমান যোৱাৰ পিছত বালাজী মন্দিৰ, বশিষ্ঠ মন্দিৰ আদি চালোঁ ৷ তাৰ পিছতহে এদিন গুৱাহাটীক গৰমৰ বন্ধত ফুৰিবলৈ যোৱা আমেজেই শেষ হৈ গ'ল । সিদিনা হঠাত্ আইতাৰ গা বেছিকৈ বেয়া লগাত মোক মামাই ক'লে তই সৌ চকটোৰ পৰা দুটা কালাকণ লৈ আহিব পাৰিবি ? মইও না নকলো পাৰিম বুলি কৈ দিলোঁ । পইচা লৈ আহি এখন নতুনকৈ দিয়া ফাৰ্মাচীত সোমাই ক'লো দুটা কালাকণ দিয়ক বুলি । ফাৰ্মাচিষ্ট জনেও কৈ দিলে ভাইটি মেডিচিনটো নাই শেষ হ'ল আজি । মই মনে মনে ভালো পাইছিলো এক প্ৰকাৰে ইয়াত নহ'লে আকৌ মামাৰ লগত বেলেগত যাব পাৰিম । মামাৰ এখন স্কুটাৰ আছিল মোৰ আকৌ বহুত মন সেইখনত উঠিবলৈ । সেয়েহে দৌৰি দৌৰি গৈ ক'লো মামা এই চকটোত নাই । মামাই মোকটো ক'লে তই কালাকণ নাপালি তাত মই অলপ আগতেই দেখি আহিছো । মইতো সুধিছিলো তেওঁ মেডিচিনটো শেষ বুলিয়েই কৈছে । তাৰ পিছতহেই গম পালো এটা প্ৰচণ্ড গালত চৰ সোধাই ক'লে কালাকণ হোটেলত হে পাই গাধ ফাৰ্মাচিত নহয় । মোৰ একেবাৰেই লাজ লাগি গ'ল কেইবাটাও কাষৰ মানুহে চাই আছিল । সেই যি লাজ পালো সেই দিনাই জীৱনত কাণত ধৰিছো আৰু একো বস্তু ভালদৰে নজনাকৈ আনিব নাযাওঁ । তাৰ কিছুদিন পিছত আহি ঘৰ পালোঁ স্কুল খুলিলে । স্কুলত লগ সমনীয়া বোৰেই ক'লে গৰম বন্ধত ক'ত কি চালে মই কি কওঁ । মই একেবাৰেই ক'লো বালাজী, চৰ, বশিষ্ঠ, গাধ, আইতা , কালাকণ আৰু বহুতো ৷ তেতিয়া মোক লগৰ সমনীয়া বোৰেই সুধিলে ইমান ঠাইত গৈছা তোৰে ভাল । মই মনে মনে ভাবিছোঁহে তহঁতে কি জানিবি কলাকণৰ মধুৰ মূহুৰ্ত ।