আশাৰ কবিতা (নীহাৰিকা শইকীয়া)












তুমি যদি নিয়ৰ হোৱা
মই হ'ব নোখোজো সেই দূবৰি 
য'ত আহি তুমি জিৰাবাহি ৷
কাৰোবাৰ উজুতিৰ মাটিৰ লগত মোক এৰি
নীৰৱে আঁতৰি যাবা ৷
যদি তুমি লুইতো হোৱা
মই হ'ব নোখোজো কপিলী
মই হ'ব বিচাৰো
লুইতৰ ৰূপোৱালী পাৰ
বাৰিষাৰ খহনীয়াত
তোমাৰ বুকুত থিতাপি ল'বলৈ ৷
তুমি যদি সুখ হোৱা
মই হ'ব নোখোজো এটি মিচিকি হাঁহি
হ'ব খোজো সেই সুখৰ একমাত্ৰ উৎস
য'ত নাথাকে বিষাদৰ উচুপনি ৷
যদি তুমি তুমিয়েই হোৱা
মই হ'ব নোখোজো মই
হ'ব খোজো তোমাৰ সংগিনী
নীৰৱতা ভঙা এখন নদী হৈ ৷