দচকুৰ নীৰৱতা আৰু এটা কাহিনী
প্ৰেম নে ? নিশাৰ ফুলৰ গোন্ধ ?
বাৰীৰ পুখুৰীত নাচি বাগি
ৰঙা জিঞাৰ হাঁহি
নে জোনাকত ভিজা শামুকৰ খোলা
টিপ চাকিৰ ঢিমিক্-ঢামাক্ পোহৰত
দীঘলীয়া হয় ৰাতি
ম'হৰ ডিঙিৰ টিলিঙাত
খুন্দিয়াই যায় চেঁচা বতাহ
উঁইচিৰিঙাৰ মাতত
জয়াল হৈ উঠে
মোৰ বিদিত নদীৰ ঘাট ৷
প্ৰেম নে ? নিশাৰ ফুলৰ গোন্ধ ?
বাৰীৰ পুখুৰীত নাচি বাগি
ৰঙা জিঞাৰ হাঁহি
নে জোনাকত ভিজা শামুকৰ খোলা
টিপ চাকিৰ ঢিমিক্-ঢামাক্ পোহৰত
দীঘলীয়া হয় ৰাতি
ম'হৰ ডিঙিৰ টিলিঙাত
খুন্দিয়াই যায় চেঁচা বতাহ
উঁইচিৰিঙাৰ মাতত
জয়াল হৈ উঠে
মোৰ বিদিত নদীৰ ঘাট ৷
ঠিকনাঃ বেবেজীয়া, যোৰহাট
দূৰভাষঃ ৯০৮৫৮৭৭৫০১
দূৰভাষঃ ৯০৮৫৮৭৭৫০১








