প্ৰেমৰ ব্যাখ্যা (বিকাশ দিহিঙ্গীয়া)

প্ৰেম কি ?

প্ৰেম মই,

প্ৰেম তুমি,

প্ৰেম আমি,

প্ৰেম শাওণ,

প্ৰেম ফাগুন...!

ফাগুন?

ফাগুন প্ৰেম,

প্ৰেমৰ চিঠি,

প্ৰেমৰ পৰিনতি,

ৰঙা প্ৰেম...!

ৰঙা ?

হৃদয়ৰ ৰং,

ৰেচনৰ কাৰ্ড,

তেজৰ ফাকু,

সন্ধিয়াৰ বেলি,

নীড়মুখী পখী...!

পখী ?

পাখি,

উৰণীয়া মন,

মেঘদূত কবি,

বি'হগী কবিতা...!

কবিতা?

তুমি,

মই,

আমি,

ফেব্ৰুৱাৰী,

ৰাজমাও পুখুৰী,

মাজুলী,

মহঘূলি চাপৰি,

শ্মশান ঘাটৰ জোনাক...!

শ্মশান?

নিষ্ঠুৰ বাস্তৱ,

কৰুণ সত্য,

অনাকাংক্তষি সময়,

জয়াল ৰাতি,

ভয়াল জোনাক,

মাতাল প্ৰেমিক,

নগ্ন কবি,

বেশ্যা কবিতা,

আধাজ্বলা চিগাৰেট,

বিয়েৰৰ খালি বটল,

বগা চাদৰ,

আধা লিখা গান...!

গান?

গান সুৰ,

হৃদয়ৰ ভাষা,

গোপন অৰ্থ,

স্বাৰ্থপৰ কথা,

কথাত ৰাগ,

ৰাগত সুৰ,

সুৰত মায়া,

মায়াত জোন,

জোনেই পূৰ্ণিমা...!

পূৰ্ণিমা?

পূৰ্ণিমা মৰম,

কলুষিত স্বাৰ্থ,

স্মৃতিৰ সঁ‌ফুৰা,

স্ফটিকৰ জোন,

জোনত দাগ,

স্নিগ্ধ জোনাক,

জোনাকত তুমি...!

পুনশ্চঃ

প্ৰেম কি......!!

ঠিকনাঃ ঢকুৱাখনা

8472048451