জেওৰাখন দিওঁ
পদূলিত কোনো সোমাব নোৱাৰাকৈ
বাহিৰৰ পৰিৱেশটো বৰ ভয়ানক,
কিয়নো আজি আমি স্বাধীন নহয়
হিংসা, হত্যাকাণ্ড আদি
নৰখাদকবোৰে প্ৰতি মুহূৰ্তে
পীড়া-পীড় দিয়ে,
এডাল শিকলিয়ে....
দয়া, মানৱীয়তা, আন্তৰিকতাবোৰক
আৱদ্ধ কৰি ৰাখিব পৰা হ'লে...
গঢ়িব পাৰিলো হয় বিশ্বশান্তিৰ বতৰা৷
নাই নাথাকে....
কিয়নো ইহঁতো বোলে স্বাধীন নহয়,
উচ্চশিক্ষাৰ চৰম পৰিপন্থী হ'লেও
তাতো বোলে স্বাৰ্থপৰতাৰ বিৰাজমান৷
মানৱতাও আজি দানৱতালৈ
ৰূপান্তৰ ঘটে
সেয়েহে আজি আমি স্বাধীন নহয়৷
ঠিকনাঃ শিৱসাগৰ
পদূলিত কোনো সোমাব নোৱাৰাকৈ
বাহিৰৰ পৰিৱেশটো বৰ ভয়ানক,
কিয়নো আজি আমি স্বাধীন নহয়
হিংসা, হত্যাকাণ্ড আদি
নৰখাদকবোৰে প্ৰতি মুহূৰ্তে
পীড়া-পীড় দিয়ে,
এডাল শিকলিয়ে....
দয়া, মানৱীয়তা, আন্তৰিকতাবোৰক
আৱদ্ধ কৰি ৰাখিব পৰা হ'লে...
গঢ়িব পাৰিলো হয় বিশ্বশান্তিৰ বতৰা৷
নাই নাথাকে....
কিয়নো ইহঁতো বোলে স্বাধীন নহয়,
উচ্চশিক্ষাৰ চৰম পৰিপন্থী হ'লেও
তাতো বোলে স্বাৰ্থপৰতাৰ বিৰাজমান৷
মানৱতাও আজি দানৱতালৈ
ৰূপান্তৰ ঘটে
সেয়েহে আজি আমি স্বাধীন নহয়৷
ঠিকনাঃ শিৱসাগৰ







