মোৰ বোধেৰে মই নহয় কবি
মই জানো......
শব্দৰ প্ৰকৃষ্ট বন্ধনেৰে
নোৱাৰো বান্ধিব মই
শব্দৰ মায়াজাল !
তথাপিও লিখিম কবিতা
এয়াতো নহয় বেপাৰ৷
নোৱাৰো কোনো
ভাব, ভাষা, চিন্তা আৰু
সৃষ্টিৰ কৌশলেৰে কবিতা লিখিব৷
কাৰণ মোৰ বোধেৰে মই নহয় কবি।
তথাপিও লিখিম কবিতা,
এয়াতো নহয় বেপাৰ৷
ভাবৰ অদম্য উচ্ছ্বাস
চিন্তাৰ লীলায়িত গতি
শব্দ চয়নৰ মনোৰম আড়ম্বৰৰে
নোৱাৰো লিখিব মই কবিতা।
কাৰণ মোৰ বোধেৰে মই নহয় কবি।
তথাপিও লিখিম কবিতা
এয়াতো নহয় বেপাৰ৷
মোৰ কবিতাত......
ভাবৰ উচ্ছ্বাসৰ নিয়ন্ত্ৰণ,
চিন্তাৰ যুক্তিপূৰ্ণ সুশৃংখল
আৰু......
ভাষাৰ জীৱন্ত ৰূপ প্ৰকাশ কৰিব নাজানো মই৷
কাৰণ মোৰ বোধেৰে মই নহয় কবি৷
তথাপিও লিখিম কবিতা
এয়াতো নহয় বেপাৰ৷
মোৰ কবিতা....
প্ৰাণৱন্ত আৰু হৃদয়স্পৰ্শী
নহয় কোনোদিনেই,
কাৰণ মোৰ বোধেৰে মই নহয় কবি৷
তথাপিও লিখিম কবিতা,
এয়াতো নহয় বেপাৰ৷
কেতিয়াও মোৰ কবিতাত
ভাব সুসংযত আৰু সুসংহত নহয়,
কাৰণ মোৰ বোধেৰে মই নহয় কবি৷
তথাপিও লিখিম কবিতা,
এয়াতো নহয় বেপাৰ৷
নহয় কোনো দিনেই মোৰ কবিতা
যুক্তিপূৰ্ণ, তথ্যপূৰ্ণ আৰু
চিৰন্তন সত্য প্ৰকাশৰ অৱলম্বন,
কাৰণ মোৰ বোধেৰে মই নহয় কবি।
তথাপিও লিখিম কবিতা,
এয়াতো নহয় বেপাৰ৷
মোৰ কবিতাত কেৱল
স্বকীয় কল্পনাক
যুক্তিৰে প্ৰতিষ্ঠা কৰো,
কল্পনাক বাস্তৱ ঘটনাৰ মাধ্যমেৰে
সুললিত আৰু সুশ্ৰাব্য ভাষাৰে
মনোৰমকৈ প্ৰকাশ কৰাৰ প্ৰয়াস কৰো,
মোৰ কবিতাৰ যোগেদি।
একো একোটা বিশেষ প্ৰতিক্ৰিয়া
নৈসৰ্গিক দৃষ্টিৰ অন্তৰ্দৃষ্টিত প্ৰতিফলিত হোৱা
ৰমণীয়তা, কমনীয়তা
আৰু ......
সৌন্দৰ্য্যৰ আৱেগ মধুৰ চকমকনিক,
অন্তৰৰ সকলো অনুভূতি ঢালি
প্ৰকাশ কৰো কবিতা ৰূপে।
স্বকীয় মত আৰু দৃষ্টিভংগীৰে
মোৰ কবিতা প্ৰকাশ কৰো৷
মোৰ ভাব মই লিখিমেই
যি কৰিম কৰিমেই
এয়াতো নহয় বেপাৰ
মইতো নহয় কবিতাৰ সদাগৰ৷
মই জানো......
শব্দৰ প্ৰকৃষ্ট বন্ধনেৰে
নোৱাৰো বান্ধিব মই
শব্দৰ মায়াজাল !
তথাপিও লিখিম কবিতা
এয়াতো নহয় বেপাৰ৷
নোৱাৰো কোনো
ভাব, ভাষা, চিন্তা আৰু
সৃষ্টিৰ কৌশলেৰে কবিতা লিখিব৷
কাৰণ মোৰ বোধেৰে মই নহয় কবি।
তথাপিও লিখিম কবিতা,
এয়াতো নহয় বেপাৰ৷
ভাবৰ অদম্য উচ্ছ্বাস
চিন্তাৰ লীলায়িত গতি
শব্দ চয়নৰ মনোৰম আড়ম্বৰৰে
নোৱাৰো লিখিব মই কবিতা।
কাৰণ মোৰ বোধেৰে মই নহয় কবি।
তথাপিও লিখিম কবিতা
এয়াতো নহয় বেপাৰ৷
মোৰ কবিতাত......
ভাবৰ উচ্ছ্বাসৰ নিয়ন্ত্ৰণ,
চিন্তাৰ যুক্তিপূৰ্ণ সুশৃংখল
আৰু......
ভাষাৰ জীৱন্ত ৰূপ প্ৰকাশ কৰিব নাজানো মই৷
কাৰণ মোৰ বোধেৰে মই নহয় কবি৷
তথাপিও লিখিম কবিতা
এয়াতো নহয় বেপাৰ৷
মোৰ কবিতা....
প্ৰাণৱন্ত আৰু হৃদয়স্পৰ্শী
নহয় কোনোদিনেই,
কাৰণ মোৰ বোধেৰে মই নহয় কবি৷
তথাপিও লিখিম কবিতা,
এয়াতো নহয় বেপাৰ৷
কেতিয়াও মোৰ কবিতাত
ভাব সুসংযত আৰু সুসংহত নহয়,
কাৰণ মোৰ বোধেৰে মই নহয় কবি৷
তথাপিও লিখিম কবিতা,
এয়াতো নহয় বেপাৰ৷
নহয় কোনো দিনেই মোৰ কবিতা
যুক্তিপূৰ্ণ, তথ্যপূৰ্ণ আৰু
চিৰন্তন সত্য প্ৰকাশৰ অৱলম্বন,
কাৰণ মোৰ বোধেৰে মই নহয় কবি।
তথাপিও লিখিম কবিতা,
এয়াতো নহয় বেপাৰ৷
মোৰ কবিতাত কেৱল
স্বকীয় কল্পনাক
যুক্তিৰে প্ৰতিষ্ঠা কৰো,
কল্পনাক বাস্তৱ ঘটনাৰ মাধ্যমেৰে
সুললিত আৰু সুশ্ৰাব্য ভাষাৰে
মনোৰমকৈ প্ৰকাশ কৰাৰ প্ৰয়াস কৰো,
মোৰ কবিতাৰ যোগেদি।
একো একোটা বিশেষ প্ৰতিক্ৰিয়া
নৈসৰ্গিক দৃষ্টিৰ অন্তৰ্দৃষ্টিত প্ৰতিফলিত হোৱা
ৰমণীয়তা, কমনীয়তা
আৰু ......
সৌন্দৰ্য্যৰ আৱেগ মধুৰ চকমকনিক,
অন্তৰৰ সকলো অনুভূতি ঢালি
প্ৰকাশ কৰো কবিতা ৰূপে।
স্বকীয় মত আৰু দৃষ্টিভংগীৰে
মোৰ কবিতা প্ৰকাশ কৰো৷
মোৰ ভাব মই লিখিমেই
যি কৰিম কৰিমেই
এয়াতো নহয় বেপাৰ
মইতো নহয় কবিতাৰ সদাগৰ৷







