ঐনিতমৰ সুৰীয়া গান......✍ পুষ্পাঞ্জলী গগৈ

কবিতাৰ কৰ্ষণ কাৰ বাবে
ৰাতিৰ দৰে মৌন যাৰ ভাষা
মোক আগুৰি থকা পাহাৰ ভৈয়ামত
অহোৰাত্ৰি বাজে হৃদয়হীন মাতাল গান
যাৰ সুৰে বিক্ষত কৰে
আই- পিতাই আৰু বাচাহঁতৰ প্ৰাণ
আদিগন্ত বিয়পা ৰিনি ৰিনি মাতত
উচপ খাই উঠে মাটিৰ আত্মা
ক'ত লুকুৱাম তোক একদণ্ডৰ বাবে
যাৰ বুকুত থাকে সভ্যতাৰ প্ৰাণ
শিপাক খামুচি থকা গছজোপাই
নদীখনৰ স'তে পাতে বহু কথা
সি কথাই কাটিৰ মহীৰূহ ঢাল৷
হৃদয়ে হৃদয়ে প্ৰেমৰ মুকুতা গাঁঠি
আহাচোন আহা হাতবোৰ মেলো
পাহাৰৰ পঁচা ভৈয়ামলৈ
চিফুঙৰ সুৰুৰে বাজক এটি ঐনিতম সুৰীয়া গান