দিনটো খেলা- ধূলা কৰি মইনাৰ গধূলিতে ভাগৰ লাগে৷যোৱা সপ্তাহৰ পৰা থুপুক থাপাক কৈ এটা দুটাকৈ খোজ কাঢ়িব আৰম্ভ কৰিছে। দিনটো লৰা-ঢপৰা কৰি থকা মইনাৰ দুচকুলৈ সন্ধিয়া টোপনি নামি আহে। ইতিমধ্যে চকু দুটা সৰু হৈ আহিছে। খিচিৰি অলপ খোৱাবলৈ চেষ্টা কৰিছিলোঁ। দুচামুচ মানহে খালে। যোৱাটো মাহত শেষত দিয়া ছিটা টো লোৱা পিছত খুব জ্বৰ উঠিছিল, সেইদিনাৰ পৰা আগলৈ খিচিৰি, পিঠা, একো খাব মন নকৰা হ'ল। তাতে এইকেইদিন খোজয়ো কাঢ়িছে। কি যে কৰো! কি দিলে খাবলৈ ইচ্ছা কৰিব ভাবিয়ে নাপাওঁ৷
বিছনাৰ খনত শোৱাই লৈ এবাৰ তাৰ মুখখনলৈ চাওঁ। এইকেইদিনতে বহুত খীণালে, চকুকেইটাও সোমাই যোৱা যেন লাগিছে। কঁপালতে চুমা এটা খাই চাদৰৰ আঁচলৰে মুখখন ঢাকি দিলোঁ। নিচুকনি গীত এটি লাহে লাহে গুনগুনাওঁ- আমাৰে মইনা শোবয়ে....... বাৰীতে বগৰী ৰুব..............
মুখেৰে গুনগুনাই আছো যদিও মনটো ভৱিষ্যতৰ ক'ৰবাত আছেগৈ। মইনাক লৈ যে কিমান সপোন আমাৰ। সি ডাঙৰ হ'লে এনেকুৱা হে হ'ব.... তেনেকুৱা হে হ'ব লাগে....... ওফ....... কেতিয়াবা যে আমাৰ দুয়োৰে মাজত এই বিষয়টোক লৈ সৰুকৈ তৰ্কাতৰ্কি য়ে হৈ যায়। মনটো ভৱিষ্যত আঁতৰলৈ উৰা মাৰে৷
কেনেকৈ সজাম মইনাক। কি কি শিকাম, কেনেকৈ সি ভাল হ'ব, ইত্যাদি। এইবোৰ ভাবি থাকোতে মনটো ভৱিষ্যতৰ পৰা গৈ অতীত পাইগৈ। বুকুখন ধৰফৰাই যায়। কাৰ্বি পাহাৰত নিৰিহ ভাৱে হত্যা কৰা নিলোৎপল দাস আৰু অভিজিৎ নাথৰ ছবিখন চকুৰ আগত ভাঁহি আহে। সেই গগনাৰ সুৰ আৰু সেই তাৰ চিঞৰ টো !! মই অসমীয়া হয় ঐ ...সঁচাকে অসমীয়া মই সেই তেজেৰে লুতুৰি- পুতুৰি ছবিখন আৰু সেই পু্ত্ৰহাৰা হোৱা দুই মাতৃৰ কৰুণ বিননি। মাতৃভূমি সৌন্দৰ্য্যত বিভোৰ সেই শিল্পী দুজনৰ তেজেৰে যি ফাকু খেলিছিল সেই বৰ্বৰ বোৰে। উফ্, অসহ্যকৰ। অসমত অসমীয়াৰ নিৰাপত্তা নাই। মই বাৰু মইনাক কেনেকৈ প্ৰস্তুত কৰিম ভৱিষ্যতলৈ। নে কম নেকি ভালকৈ পঢ়ি শুনি চাকৰি এটা লৈ বাহিৰত গুচি যা। অসমৰ পৰা দূৰত যাগৈ। কি কম মই? মাতৃভূমিৰ সেইজীয়াবোৰৰ পৰা আঁতৰত থাকিবলৈ বাধ্য কৰাম নেকি তাক। ভয় লাগে মোৰ সেইজীয়াবোৰৰ আঁৰৰ বৰ্বৰতা বোৰলৈ। মই টো মোৰ পুত্ৰক এনেদৰে নৰপিশাচৰ চিকাৰ হ'ব দিব নোৱাৰোঁ। কি কম তাক অসমৰ কথা। সি বাৰু অসমৰ সৌন্দৰ্য্য বোৰ চাব নোৱাৰিব নেকি মুকলি মনেৰে।
চকুযোৰ সেমেকি যায় আকৌ এবাৰ, অজনা শোকে হেঁচা মাৰি ধৰে, চাঁদৰৰ আঁচলে নীৰৱে সহে বেদনাৰ ভৰ, মস্তিষ্কত বাৰে বাৰে খুন্দিৱাই উত্তৰ বিহীন হাজাৰ প্ৰশ্নই৷








