অৱসৰকালীন জীৱনৰ ৰং......✍ কন্দৰ্প কুমাৰ নাথ

কৰ্মময় জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত এজন ব্যক্তিৰ কি অনুভৱ হয় সেয়া হয়তো ভুক্তভোগী সকলেহে অনুভৱ কৰিব পাৰে । হঠাতে যেতিয়া প্ৰাত্যহিক জীৱনৰ ব্যস্ততাবোৰ নাইকীয়া হৈ পৰে, যেতিয়া গৰু-ছাগলী এৰাল দিয়াৰে পৰা পথাৰৰ খেতি-বাতিৰ কামলৈকে সংসাৰৰ সমস্ত দায়িত্ব সুচাৰুৰূপে পালন কৰি জুয়ে তপতে এগৰাহ ভাত নাকে কাণে গুজি কৰ্মস্থলিলৈ ৰাওণা হোৱা লৰা-ঢপৰাবোৰ মুহূৰ্ততে নাইকিয়া হৈ যায়, যেতিয়া দিনটো অফিচৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ ফাইলৰ দমৰ মাজত মূৰ তুলিব নোৱাৰা ব্যস্ততাৰ অন্তত বজাৰৰ মোনাখন লৈ ক্লান্ত দেহাৰে ঘৰ সোমোৱা ব্যস্ততাময় সময়বোৰ পলকতে হেৰাই যায়, যেতিয়া বিদ্যালয় চৌহদৰ শিশুৰ কলৰৱত নিজকে বিলীন কৰি দিয়া মধুৰ সময়বোৰ চকুৰ পচাৰতে স্তব্ধ হৈ যায়, জীৱনৰ বিয়লি বেলাত তেওলোকৰ প্ৰথমবাৰৰ বাবে অনুভূত হয় নিষ্কৰ্মা জীৱনৰ দুৰ্বিসহ যান্ত্ৰণা । নিসংগ জীৱনৰ এই সময়ছোৱাত শুন্যাতিশায়ী হতাশাই তেওলোকক অহৰহ খেদি ফুৰিবলৈ ধৰে । প্ৰতিপল মৃত্যুৰ ক্ষণ গণি থকাৰ বাহিৰে আন কোনো বিকল্প নাথাকে৷

তেওলোকৰ নিৰস তথা ৰঙবিহীন এই অৱসৰকালীন জীৱনটো কিছু হ'লেও জীপাল কৰি তুলিবলৈ, অলপ ৰং সানিবলৈ ২০০০ চনতেই দৰং জিলাৰ ছিপাঝাৰৰ আঠিয়াবাৰী গাঁৱৰ বিভিন্ন কৰ্মক্ষেত্ৰৰ পৰা অৱসৰপ্ৰাপ্ত কেইজনমান বয়োজ্যেষ্ঠ ব্যক্তিয়ে  ব্যতিক্ৰমী চিন্তাৰে আগবাঢ়ি আহিছিল আৰু জন্ম দিছিল- “আঠিয়াবাৰী অৱসৰ বিনোদন চক্ৰ” । উদ্দেশ্য আছিল ৰাজনীতি, সমাজনীতি আৰু ধৰ্মৰ উৰ্ধত থাকি মাহৰ এটি দিন আটায়ে পাল পাতি সদস্যসকলৰ কোনো এঘৰত মিলিত হোৱা আৰু ৰং-ধেমালীৰে চাকৰি জীৱনৰ বিভিন্ন অভিজ্ঞতা ভাগ-বতৰা কৰাৰ সমান্তৰালকৈ পৰিয়ালৰ জী-জোৱাই, আত্মীয়-কুতুম্ব সহিতে আন সদস্যৰ সৈ'তেও চিনাকি হৈ আত্মীক সম্পৰ্ক গঢ়ি তোলাটোৱেই এই বিনোদন চক্ৰৰ উদ্দেশ্য । হাস্য-ব্যঙ্গ কৌতুক, গীত-মাত, কবিতা আবৃত্তিৰে মুখৰিত সেই দুই-তিনিঘণ্টাই যেন তেওলোকক অৱসৰকালীন জীৱনৰ পুতিগন্ধময় যান্ত্ৰণাৰ পৰা মুক্তি দি পৰৱৰ্তী এমাহলৈ নতুন জীৱন প্ৰদান কৰে । গৃহস্থই সাধ্যানুসাৰে যি আপ্যায়নৰ ব্যৱস্থা কৰে তাতেই তেওলোক সন্তুষ্ট । যিখন ঘৰত পাল পৰে সেইদিনা গৃহস্থৰ ঘৰখনত উদুলি-মুদুলি পৰিৱেশ । এনে লাগে যেন সকলোৱে  সেইদিনটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে৷
পিছলৈ তেওলোকে এটি ব্যতিক্ৰমী আৰ্থিক পুঁজিও গঠন কৰিলে যিটোৰ জমা ধনৰাশি তেওলোকে জীৱিত কালত কোনেও নাপায় । কোনোবা সদস্যৰ বিয়োগ ঘটিলে দহদিনৰ ভিতৰত চক্ৰৰ সদস্যসকলে গৃহস্থক স-সন্মানে দি আহেগৈ যাতে মৃতকৰ পৰিয়ালে কিছু হ’লেও সকাহ পায় । উল্লেখযোগ্য যে তেওলোকৰ এই চক্ৰৰ জনপ্ৰিয়তা কেৱল আঠিয়াবাৰীতে সীমাৱদ্ধ নাথাকি পিছলৈ প্ৰতিবেশী গাঁও হাজৰিকাপাৰা, কুঁৱৰীগাঁও, কবেইচুবা, বৰদৌলগুৰি আনকি মঙ্গলদৈ পৰ্যন্ত বিয়পি পৰিল আৰু সেইবোৰ অঞ্চলৰ পৰাও সদস্য ভৰ্তি হৈ এটা বৃহৎ অঞ্চল সামৰি ল’বলৈ সক্ষম হয় । বৰ্তমান এই আদৰ্শেৰে অনুপ্ৰাণিত হৈ দূৰৈৰ গাঁওবোৰতো তেনে বিনোদন চক্ৰ গঢ়ি উঠাটো পৰিলক্ষিত হৈছে ।

কিছুবছৰ আগতে তেওলোকে এখনি আত্মজীৱনীমূলক গ্ৰন্থ “আৱেলিৰ বেলি” প্ৰকাশ কৰি উলিয়ায় । যোৱা সুদীৰ্ঘ ওঠৰ বছৰ ধৰি তেওঁলোকৰ আত্মীয়তাৰ এই জয়যাত্ৰা অব্যাহত আছে । তাৰ মাজতেই সদস্যসকলৰ বহুকেইজন কালৰ বুকুত হেৰাই গ'ল, বহুকেইজন যোগ হ'ল । প্ৰতিষ্ঠা কালৰে পৰা মোৰ পিতৃও এই চক্ৰৰ সৈ'তে জড়িত হোৱাৰ সৌভাগ্যতে যোৱা ২৪ জুন ২০১৮ তাৰিখে আমাৰ বাসগৃহত এই পিতৃতুল্য, গুৰুতুল্য ব্যক্তিসকলৰ অৱসৰ বিনোদন চক্ৰখন অনুষ্ঠিত হৈ যায় । জীৱনৰ নানান ঘাত-প্ৰতিঘাত অভিজ্ঞতাৰে পুষ্ট এই পুৰোধা ব্যক্তিসকলৰ আমাৰ পঁজাত পদধূলিয়ে যেন এখন পুণ্যতীৰ্থলৈ পৰিণত কৰিলে তেনে অনুভৱ হ’ল । সঁচাকৈয়ে এই যান্ত্ৰিক পৃথিৱীত নিসংগ বাৰ্ধক্য জীৱনৰ সমস্ত তিক্ততা পাহৰি প্ৰাণোচ্ছল জীৱন কটাবলৈ এনেধৰণৰ অনুষ্ঠান সমাজৰ বাবে ইতিবাচক আৰু প্ৰশংসনীয় ।
সেইদিনা তেওঁলোকৰ আটাইকে মোৰ সদ্য প্ৰকাশিত গ্ৰন্থ “ঙুনৰাও” উপহাৰ হিচাপে আগবঢ়াই ধন্য হ’লোঁ । ভগৱানৰ ওচৰত তেওলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে এই মহান অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ৷