অভিধানবোৰ পুৰি পেলোৱা উচিত......✍ ৰাশেল চৌধুৰী

আইৰ হেৰুৱা শব্দটো বিচাৰি পালো
অভিধানবোৰ পুৰি পেলোৱা উচিত

মৰুভূমিৰ ছালৰ তলেদি ধ্বনি কেইটাৰ অহা-যোৱা
প্ৰক্ৰিয়াটোৰ পাতনি অজ্ঞাত
পিতাই কৈছিল
এয়া নেকি আইতাৰ সাতপুৰুষৰ আগৰ

আইৰ হৃদ্যৰোগ
পিতাৰ দুবছৰ হ'ল দৰৱৰ খোজত
পিতাক ফোন কৰি যেতিয়া ফোনটো বন্ধ পাওঁ
আইৰ যন্ত্ৰণাটো নাচি উঠে
যন্ত্ৰজনাটো এটা শব্দ হেৰুৱা দুখ

যোৱা ৰাতি মেঘে কলহৰ মুখেদি নামিছিল
আঠীয়া কলৰ পাত মেলি গৈ
আইক কান্ধতলৈ সোমাইছিলো এটা গৃহত
ওৰে নিশা শংখ বজাই গৃহস্তক জগাব নোৱাৰি
সংস্কৃত অভিধানখনকে পঢ়িও শব্দটো নাপালো

পুৱা বাঘৰ দাঁত সৰা জাৰ
পিতাৰ পুৰণি চাদৰটো মেৰিয়াই
আঠু কঁপাল ৰাঙলী কৰি
চোবাই চোবাই খালো আৰবী পুথি
তাতো নাপালো আঁতি-গুৰি

দুপুৰীয়া অামলেট ভজা ৰ'দ
জীউ যায় যায় ইংৰাজী পঢ়ি
যীচুক সুধি সুধি দাঁত কেইটাই সৰি গ'ল
তথাপি মাত নোলাল

সন্ধিয়া মৰাশলৈ উভোতোতে দেখিলো
এটা বাঁহী ৰুটিত তিনিটা মুখ
পাগলী কুকুৰ কাউৰী
তাতেই মোৰ মৰা আইৰ 
শব্দটো বিচাৰি পালো৷