সি ফটা পেণ্ট, ফটা চোলা পিন্ধি গৈ আছে
মন গ'লে হাঁহিছে
কেতিয়াবা আকৌ কান্দিছে
য'তে যি সি পাইছে তাকে বুটলিছে
কোনোবাই তেওঁ লৈ বুলি শিলগুটি দলিয়াইছে
আন কোনোবাই মেনা বুলি চিঞৰিছে
সেইবোৰলৈ তেওঁৰ চকু, কাণ দিবলৈ সময় নাই
মাথো সি যোৱা বাটেৰে গৈ আছে৷
কোনোবাই যদি মানৱীয়তাৰ খাটিৰত
এসাঁজ খাবলৈ দিছে
সি পেট ভৰাই খাইছে
আন এজনে আকৌ পিন্ধিবলৈ এযোৰ কাপোৰ দিছে
সি আনন্দত মতলীয়া হৈ ঘূৰি ফুৰিছে
কোনোবাই আকৌ
কেটেৰে- জেঙেৰা কৰি খেদি পঠিয়াইছে
সি দুখ মনেৰে উভতি আহিছে
আন এজনে আকৌ,
খৰি চোৰ তামোল চোৰ বুলি চিঞৰিছে
কাৰণ সি যে এজন পাগল৷
মন গ'লে হাঁহিছে
কেতিয়াবা আকৌ কান্দিছে
য'তে যি সি পাইছে তাকে বুটলিছে
কোনোবাই তেওঁ লৈ বুলি শিলগুটি দলিয়াইছে
আন কোনোবাই মেনা বুলি চিঞৰিছে
সেইবোৰলৈ তেওঁৰ চকু, কাণ দিবলৈ সময় নাই
মাথো সি যোৱা বাটেৰে গৈ আছে৷
কোনোবাই যদি মানৱীয়তাৰ খাটিৰত
এসাঁজ খাবলৈ দিছে
সি পেট ভৰাই খাইছে
আন এজনে আকৌ পিন্ধিবলৈ এযোৰ কাপোৰ দিছে
সি আনন্দত মতলীয়া হৈ ঘূৰি ফুৰিছে
কোনোবাই আকৌ
কেটেৰে- জেঙেৰা কৰি খেদি পঠিয়াইছে
সি দুখ মনেৰে উভতি আহিছে
আন এজনে আকৌ,
খৰি চোৰ তামোল চোৰ বুলি চিঞৰিছে
কাৰণ সি যে এজন পাগল৷







