কিমান আৰু ভগৱান ভগৱান কৰি নাথাকা ! বৰ তোমাৰ সেই ভগৱানে তোমাক হেৰাই যোৱাবোৰ ঘূৰাই দিবহি !! কিমান ক'ম আৰু তোমাক মোৰ আগত এনেকৈ জুপুকা লাগি নাথাকিবা ! কোনো ভগৱান নাহে তোমাৰ চকুপানী মচিবলে ! কি পাইছা নিজক এনেকৈ আৱদ্ধ কৰি ৰাখি ! ভাবি নোলোৱা কিয় যে মৰি গ'ল তোমাৰ সেই "চ' কল ঈশ্বৰপুৰুষ" !! যাৰ বাবে তুমি নিজৰ ইচ্ছা-অনিচ্ছাবোৰক ত্যাগ কৰিছিলা; সিতো সেই তাৰ আগৰজনী গাৰ্লফ্ৰেন্দে বেলেগৰ পৰা ঠগ খাই তাৰ ওচৰলে ঘূৰি আহিলতে সি তোমাৰ ভালপোৱাবোৰ এটা মুুুহূূূূৰ্ততে পাহৰি গুচি গ'ল তাইৰ ওচৰলে !! পাহৰি গ'ল তোমাৰ লগত পাৰ কৰা উজাগৰী নিশাবোৰৰ কথা; পাহৰি গ'ল দুটা বছৰত প্ৰতিটো মুহূৰ্ততে যে তুমি তাৰ সাহস হৈ আছিলা ! .. বেং... !! আৰু সেই মক্কেল জনীয়ে যে তোমাক ফেচবুকত জইন ফটো দি ৰিকুৱেষ্ট দিছিল; কিয় নীৰৱে তাইক ব্লক কৰি দিলা? তাইৰ আচল পৰিচয় নিদিলা কিয় ? কিয় তাইক মনত পেলাই নিদিলা যে কেইদিনমান আগলৈকেচোন তাই বেলেগৰ প্ৰেমত মচগুল হৈ শিৱম দাক এৰি গৈছিল; দুটা বছৰৰ পাছত ঠগ খাই আকৌ ঘূৰি আহিল ! শিৱম দাক মহান কৰিবলৈকে তুমি তোমাৰ আৰু তাৰ সম্পৰ্কৰ কথা গোপনে ৰাখিছা ! দ্বিতীয়বাৰ তাই তোমাক কনটেক্ট কৰিলে ক'বা তাইক যে "ফটো এডিট কৰি চেহেৰা বগা কৰাৰ আগত মনতো বগা কৰিবলে"! তাইৰ দৰে ছোৱালীৰ বাবেই প্ৰেমত বিশ্বাস হেৰাই বহুতৰে !! আৰু শিৱম দা ; সি কি ল'ৰা ! তাক অকলে এৰি যোৱা ছোৱালীজনী দুটা বছৰৰ পাছত উভতি আহিল বাবেই সি তোমাক এৰি গুছি গ'ল ! আৰু তুমি তাক দেৱতা বনাই আজি ৮ মাহে পূজা কৰি আছা ! কাম নাই আৰু !! কিমান দিন বাথৰূমৰ টেপ অন কৰি তোমাৰ কান্দোনৰ শব্দ বাহিৰলে অহাত বাধা দিবা ! পাৰা জানো কান্দি কান্দি ভাগৰুৱা হৈ ৰঙা পৰা চকুদুটা লুকুৱাব ! বেলেগৰ পৰা পাৰিলেও মোৰ পৰা নোৱাৰা ! কৰ্মফল সবেই ভোগ কৰে ম... !!
- তাৰ কথা বেয়াকে নক'বাচোন কুকি ! মোৰ কষ্ট হয় ! সি মোৰ বাৰ্থ ডে দিনা ৰাতি বাৰতাতে উইচ্ কৰিছিল !
- কোনে ? শিৱম দাই ?
- ওমম্ ... !!
তললৈ মুৰ কৰিয়ে কৈ উঠিল নন্দাই ! কুকিৰ চকুলে চোৱাৰ সাহস নোহোৱা হৈ পৰিছে তাইৰ !
- আৰু সেইবাবে তুমি সি আকৌ ঘূৰি আহিব ভাবিছা?
- ওহো.. নাই ভবা ! তাৰ পৰা মোৰ ভালপোৱাৰ প্ৰতিদান মই নিবিচাৰো কোনোদিনেই ! কিন্তু তাৰ খবৰ নাপালে মই ভালে থাকিব নোৱাৰো অ' ! তাক মই প্ৰমিজ কৰিছিলো; মই তাক কেতিয়াও আমনি নকৰোঁ !
উচুপি উঠিল নন্দা !
- মোৰ আগত চকুপানী নুলিয়াবা ! অন্ততঃ তাৰ বাবে ! আৰু যদি কান্দিয়ে ভালপোৱা কান্দা ! মই তোমাক চকুপানী মচিব নোৱাৰো !
- কৈয়ে দপদপাই কুকি ৰূমটোৰ পৰা ওলাই গৈছিল ! আৰু নন্দা....
উচুপি থাকিল বহুত পৰ তেনেকৈয়ে ! লাহে লাহে উচুপনিবোৰ ডাঙৰ শব্দ হৈ বেলকনিত ৰৈ থকা কুকিৰ কাণতো পৰিলগৈ ! আচলতে কুকিৰ বহুত খং উঠিছে ! কিন্তু কাৰ ওপৰত তাই নাজানে ! কুকি ভালপোৱাৰ বিৰোধী নহয় যদিও নিজৰ বায়েক কাৱেৰীক যেতিয়া চন্দনে আঠ বছৰ ভালপোৱাৰ পাছতো বেংকৰ চাকৰি কৰা কোনোবা এজনী পাই এৰি গৈছিল তেতিয়াৰ পৰাই তাইৰ কিবা ভালপোৱাৰ ওপৰত বিশ্বাস নোহোৱা হ'ল ! মানসিকভাৱে ভাগি পৰা কাৱেৰীক যেতিয়া তাই ৰাতি টোপনি যাবলৈ শ্লিপিং টেবলেত খুৱাব লগা হৈছিল; প্ৰেমত নপৰিলেও কুকিয়ে বুজিছিল আপোন কোনোবাজনক হেৰুৱাই পেলোৱাৰ কষ্ট কিমান ! আৰু এদিন যেতিয়া কেইবাটাও টেবলেট একেলগে খাই পিছদিনা বহুত দেৰিলৈকে শুই থকা কাৱেৰীক মেডিকেল পোৱাব লগা হৈছিল সেইদিনা কুকি কাৱেৰীৰ ওচৰলে যোৱা নাছিল ! খঙৰ ভমকত চন্দনৰ ঘৰ পাইছিলগৈ ! চন্দনক লগ পোৱা নাছিল; পোৱা হ'লে দুটা চৰ তাৰ গালৰ তলত বহুৱাই আহিলহেঁতেন তাই !! আৰু নন্দা বাজনীক তাই নিজৰ বা বুলিয়ে ভাবি আহিছে তিনিটা বছৰে ! যোৱা আঠ মাহে নন্দাৰ মানসিক অৱস্থা দেখি তাইৰ কাৱেৰীলৈ মনত পৰিছে ! চন্দনে এৰি যোৱাৰ পাছৰ নিজকে মানসিকভাৱে সুস্থ কৰি জীৱনটো আগুৱাই নিবলৈ কাৱেৰীৰ দুটা বছৰ লাগিছিল ! কুকিয়ে যেন নন্দাৰ মাজৰ আৰু এজনী কাৱেৰীক দেখিছে ! নাই; নন্দাবাক কাৱেৰী বা হ'বলৈ দিব নোৱাৰি ! দুটা বছৰ নন্দা বাক নিজকে কষ্ট দিবলৈ দিব নোৱাৰি ! শ্লিপিং টেবলেট খাই টোপনি যাব পাৰি; কিন্তু পাহৰি যাব নোৱাৰি কাকোৱে !! কুকিয়ে বুজে !! তাই নন্দা বাক উলিয়াই আনিব শিৱমৰ অনুভৱ খিনিৰ পৰা ! তাই নাজানে তাই সফল হ'বনে নাই ; কিন্তু তাই চেষ্টা কৰিব !!
ভাবি থাকিল কুকিয়ে ! তাইৰো বেয়া লাগিছে নন্দাক ইমান টানকৈ কৈ ! কিন্তু নন্দাৰ আঁকোৰগোঁজ মনতো দেখি দেখি তাইৰ আজি ধৈৰ্য্য হেৰাই গ'ল ! শিৱমে তাইক ইমান দুখ দিয়াৰ পাছতো তাই পাগলৰ দৰে ভালপাই তাক ! তাৰ কবিতা/গানবোৰ ঘণ্টাৰ পাছত ঘণ্টা হেডফোন লগাই শুনি থাকে ! কোনোবা এটা সময়ত কুকিৰ নন্দাৰ ম'বাইলটোৱে ফৰমেট মাৰি দিবলে মন যায় ! কিন্তু তাই নোৱাৰে ! জানে তাই নন্দাৰ অনুভৱবোৰ বেলেগৰ দৰে নহয় ! নন্দাই চাগে কাকোৱে ঘিণ কৰিব নাজানে !! এনেকুৱা এটা মনৰ ছোৱালীজনীক শিৱমে কিয় মৰি মৰি জী থাকিবলে এৰি গ'ল সুধিবলে মন যায় কুকিৰ শিৱমক ! কিয় নন্দাৰ সঁচা ভালপোৱাৰ বিনিময়ত মাথোঁ তাইক কষ্টৰ ওপৰত কষ্ট দিলে !! তাই সুধিব তাক য'তেই লগ পায় !! সেমেকি উঠা চকুদুটা মোহাৰি কুকি সহজ হ'বলে চেষ্টা কৰিলে !
ইফালে নন্দা...! কান্দিও যেন নাভাগৰে তাই ! যোৱা দুটা মাহে তাইয়ো যে টোপনি যাবলে মাজে মাজে শ্লিপিং টেবলেট খাই আহিছে কুকিয়ে নাজানে ! শিৱমক পাহৰিব নোৱাৰে কিয় তাই নাজানে ! তাৰ স'তে কটোৱা দুটা বছৰ তাই জীৱনৰ পৰা কি কৰিলে মচা যাব তাই নাজানে ! তাৰ প্ৰতি তাইৰ অলপো ঘৃণা ভাব নাই বাবেই চাগে বৰষাই দুবাৰকৈ শিৱমৰ কথা লৈ তাইক মানসিক অশান্তি দিয়াৰ পাছতো তাই বৰষাক তাইৰ আৰু শিৱমৰ ভালপোৱাৰ প্ৰমাণ নিদিলে ! নক'লে এবাৰো যে---"যেতিয়া তুমি শিৱমক এৰি গৈছিলা তেতিয়া তাৰ সাহস হৈ মই আছিলো !" তাই একোৱে নক'লে!
শিৱমৰ চৰিত্ৰত কোনোবাই আঙুলি টোৱালে কিয় তাইৰ কষ্ট হয় তাই নাজানে ! এতিয়াও তাই কামনা কৰে; সি য'তেই আছে কুশলে থাকক !! কিমান দিন হ'ল তাই তাৰ মাতটো নুশুনা ! তাইৰ জন্মদিনৰ দিনাই সি তাইক শুভকামনা দিবলে ফোন কৰা ! দুটা মাহেই হৈ গ'ল ! এই দুটা মাহ প্ৰতিটো দিন তাৰ ফনকলটোলে অপেক্ষা কৰিছে ! তাই জানে সি নকৰে ফোন! সি আগুৱাই গ'ল বহু দুৰ ! কিন্তু তাই যে ৰৈ গ'ল সি এৰি যোৱাতে ! এম এ পঢ়িবলে আহি তাই পঢ়াৰ সলনি হোষ্টেলত এইদৰে কান্দি থকাৰ কথা মাকে গম পালে যে কিমান দুখ পাব তাই জানে ! কোনো অভাৱত পৰিবলে নিদিয়াকৈ মাক-দেউতাকে তাইক আৰু ভায়েকক তুলিছে ! মাকৰ মুখখন মনলে আহিলতেই নন্দাৰ বুকুখন বিষাই উঠিল আকৌ ! মাকৰ তাইলে যে কিমান মৰম তাই জানে ! আৰু দেউতাকে যে তাইৰ পৰীক্ষা কেতিয়া শেষ হ'ব তাৰ খবৰ লৈয়ে তত নাপায় আৰু মৰমৰ ভায়েকটোৰ তাইৰ প্ৰতি যে কিমান আব্দাৰ !! তাই মাক-দেউতাকৰ বাবেই যে হাঁহি থাকিব লাগিব ! তাই শিৱমৰ অনুভৱবোৰৰ পৰা আঁতৰি আহিব পাৰিবই লাগিব ! তাৰ মৰম, অভিমানবোৰ পাহৰিব পৰাকৈ তাইৰ সাহস নাই ! কুকিয়ে খঙৰ ভমকত যি তি ক'লেও যে তাইৰ কষ্টবোৰ চাই থাকিব নোৱাৰিয়ে কৈছিল তাই বুজি পায় ! কুকিক তাই বেয়া নাপায় ! যোৱা আঠটা মাহত তাইৰ কেইবাটাও উজাগৰী ৰাতিৰ সাক্ষী কুকি ! নন্দা নিজৰ বাবে নহ'লেও তাইক ভালপোৱা মানুহখিনিৰ বাবেই জীয়াই থাকিব লাগিব ! তাই পাৰিব লাগিব ! শিৱমক তাই ঘিণ নকৰে ! তাক পাহৰিব নোৱাৰিলেও তাৰ স্মৃতিবোৰ লৈয়ে তাই আগুৱাই যাব !! লাহে লাহে তাই আৰু একোৱে ভাবিব নোৱাৰা হৈ পৰিল ! টোপনি গ'লে চব পাহৰি থাকিব ভাবি তাই শ্লিপিং টেবলেট এটা উলিয়াই লওঁতেই কুকি ৰুমটোলৈ সোমাই আহিল !
উচপ খাই উঠিল নন্দা ! কুকি হতবাক !
নন্দাবাৰ হাততো কাৱেৰীয়ে খোৱাৰ দৰেই একেই টেবলেটৰ ফাইল !! মানে নন্দা বায়ে কাৱেৰীৰ দৰেই.....!
একোৱে ভাবিব নোৱাৰিলে কুকিয়ে ! চিঞৰি উঠিল তাই !
- "পাগল হৈছা তুমি নন্দা বা ! কি কৰিবলে ওলাইছা ! মা-দেউতাৰ কথা এবাৰো নাভাবা তুমি ! তোমাৰ কিবা হ'লে তেওঁলোকৰ কি হ'ব ভাবি চাইছা !!"
- "এটা খাম কুকি ! টোপনি নাহে মোৰ ! শুলে ভাল লাগিব !"
- সাৰ পোৱাৰ পাছত কি হ'ব ! কথা দিব পাৰিবা মোক যে তুমি শিৱমৰ কথা পাহৰি যাবা ! আৰু তুমি...তুমি কেতিয়াৰ পৰা খাইছা এইবোৰ ! মই যে একেটা ৰুমতে থাকিও গ'ম নাপালো ! তুমি বহুত বেয়া ! মই তোমাক টানকৈ কৈছিলো বাবে চ'ৰী ক'বলৈ আহিছিলো; আৰু তুমি এইবোৰ কৰিব লৈছা ! নকওঁ চ'ৰী তৰী একোৱে ! মোক নামাতিবা কোনোদিনেই !
ফোপাই উঠিছিল কুকি !!
নন্দা লাহেকৈ উঠি আহি কুকিৰ কাষতে ৰ'ল--
- মই ভালে থাকিম কুকি ! একমাত্ৰ মোক ভালপোৱা মানুহখিনিৰ বাবেই মই ভালে থাকিম ! আৰু নাকান্দো কোনোদিনেই !! চ'ৰী !
- সঁচা কৈছা ? এইবোৰ নাখাওঁ কোৱা !
- নাখাওঁ ! প্ৰমিজ !
নন্দাই টেবলেটৰ ফাইলটো ৰোমতে থকা ডাষ্টবিনটো পেলাই দিলে !
- কোনোদিনেই শিৱমৰ কথা কৈ মোৰ আগত চকুপানী নুলিয়াও কোৱা !" ----কুকিৰ যেন বিশ্বাসেই নহয় নন্দাৰ এই নতুন ৰূপ !
- নকওঁ !
- বৰষাই তোমাক আকৌ কিবা ক'লে তুমি গালি দিম কোৱা !
- দিম !
- মই কিৱাৰ দৰে গালি দিবা !
- দিম !
- সঁঁচা?
- সঁঁচা !
- "দেটছ্ লাইক এ গুড গাৰ্ল"--- কুকিয়ে নন্দাক সাৱতি ধৰিলে !
- হাঁহি থাকিবানা ! তুমি মন মাৰি থাকিলে মোৰ কি হাঁহিব মন যায় নেকি কোৱা ! ৰুমতোত থাকো দুজনী ! এজনীয়ে মন বেয়া কৰি থাকিলে ইজনীয়ে কেনেকৈ ফূৰ্তিত থাকিব পাৰো তুমিয়ে কোৱা !
: হাঁহি থাকিম ! মই মন মাৰি থাকিলে শিৱমেও বেয়া পাইছিল ! কৈছিল--তুমি মুখ ফুলাই থাকিলে মই বৰ অশান্তি পাওঁ !! -- কৈ উঠিয়ে নন্দাই কুকিলৈ চালে ; কি কৈ পেলালো ভাবি !
: আকৌ......!!
--- কুকিয়ে ঘোপাকৈ চালে নন্দালৈ !
: হিঃহিঃ.....!!
সশব্দে হাঁহি উঠি নন্দাই ! লগতে কুকিয়েও !!
বহুত দিনৰ মুৰত ডাঙৰকৈ হাঁহিলে নন্দাই ! মনটো মুকলি যেন লাগিল তাইৰ !
: ব'লানা নন্দা বা আলুচ'প খাম ! চাটৱালাজন হোষ্টেলৰ ফ্ৰন্টতে আছে !
: ৰ'বা মুখখন ধুই লওঁ ! নহ'লে চাটৱালাজনেও মোৰ বিধস্ত ৰূপ দেখি ভয় খাব !
---- মিচিকিয়া হাঁহি এটা মাৰি নন্দা বাথৰুমলে সোমাই গ'ল !
: যোৱা ! কিন্তু টেপ খুলি কান্দি নাথাকিবা আকৌ ! -- চিঞৰি চিঞৰি ক'লে কুকিয়ে !!
...কুকিৰ মনটোও ভাল লাগিছে ! আঠমাহৰ আগৰ নন্দা বা জনীক যে তাই আকৌ ঘুৰাই পালে ! হাঁহিমুখীয়া ,মৰমলগা নন্দাবা জনী !
: ব'লা, মই ৰেডী !
: ব'লা !
হাঁহি হাঁহি নন্দা আৰু কুকি হোষ্টেলৰ ষ্টেপকেইটাৰে নামে আহিল !
তেতিয়া দুৰৈৰ পাহাৰটোৰ সিপাৰে ৰঙা বেলিটিয়ে লুকা-ভাকু খেলিবলৈ আৰম্ভ কৰিছিল ! তেতিয়াই ক'ৰবাৰ পৰা এটি গান ৰিণি ৰিণি ভাহি আহিল----
".......নিৰৱে জ্বলে , কোনেনো জানে
আশাবোৰ উঠে নামে......!!"
=========
( পুৰৱী হাজৰিকা, মাজুলী )








