আৰাধ্যা......✍ পিঞ্জু মৰাণ

তেওঁ মোৰ প্ৰতিটো বস্তুতে হস্তক্ষেপ কৰিব খুজিছিল।নামত মোৰ বেষ্ট ফ্ৰেণ্ড। কিন্তু কামত হ'ব নোৱাৰিলে। একাদশ শ্ৰেণীৰ পৰা তাইক চিনি পাওঁ। আজি প্ৰায় ৭ বছৰ হ'ল। একাদশ শ্ৰেণীত লগ পোৱাৰ পাছত আমি বৰ সোনকালে ফ্ৰেণ্ডৰ পৰা বেষ্ট ফ্ৰেণ্ড হৈছিলো। কিন্তু তাই, মই  ভবাৰ দৰে নহ'ল। আমি (মইহে হ'ব) প্ৰতিটো বস্তু ভগাই লৈছিলো। যিটো বস্তু ভগাব নালাগে সেইটোকো তাই কাঢ়ি আজুৰি লৈছিল। নিজৰ বস্তুবোৰ প্ৰায় লুকুৱাই ৰাখিছিল। যিটো নিদিলে নহয় সেইটোহে দিছিল। মোৰ কিতাপ, বহি প্ৰায়কেইখন তাইৰ লগতে আছে। ঘূৰাই নিদিলে। আজি বৰকৈ মনত পৰিছে তাইৰ কথা। মনত ঘৃণা, ভালপোৱা কি আছে নাজানো।ভালপোৱা যে আছে সেই কথাটোত নিজৰেই সন্দেহ হয়। এবছৰ আগত আগত হৈ যোৱা ঘটনাটোৱে আজিও মোৰ বুকুখন কঁপাই তুলে। মোৰ প্ৰেম হৈছিল।বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ লগত। আমাতকৈ ওপৰ বেষ্টটোৰ আছিল ল'ৰাজন। নাম অকৃত্ৰিম বৰদলৈ। দুয়ো দুয়োকে পচন্দ কৰাত ঘৰৰ মানুহ বোৰেও আমাৰ বিয়াৰ বাবে সন্মতি হ'ল।
কথাটো আৰাধ্যাই গম পোৱাৰ পাছত দৌৰি দৌৰি মোৰ কাষলৈ আহিল।
- হেট্ৰিকা, তুমি মোক ইমান ডাঙৰ কথাটো কিয় কোৱা নাছিলা ?
- আৰাধ্যা মই কম বুলি ভাবিয়েই আছিলো। কিন্তু ভাবিলো একেবাৰে বিয়া ঠিক হোৱাৰ পাছতে কম।নহলে তুমি বৰ উৎপাত কৰা।
খঙৰ ভমকত তাই ৰঙা পৰি গৈছিল।
- হেট্ৰিকা, তুমি এনেকুৱা বুলি ভবা নাছিলো।কিয় এনেকুৱা কৰিলা মোৰ লগত ? কিয় ?
- কি কৰিলো মই? ?
- কি কৰিলো ? কি কৰিলো হাঁ ? আমি সকলো কথা চেয়াৰ কৰিম, সকলো বস্তু ভগাই লম- এইবোৰ কথা আজি ক'ত হেৰাল??
- তুমি কি কৈছা এইবোৰ ? তোমাৰ হৈছে কি আৰাধ্যাা? তাইৰ স্বভাৱ সলনি হৈ গৈছে। তাইৰ এনে ৰূপ সেইদিনা প্ৰথম দেখিছিলো।
- হেট্ৰিকা, আজিলৈকে মই তোমাক বহুত দিলো। তুমি কি দিলা ?
কথাটো শুনি আচৰিত হ'লো। মই নে তাই দিছিল মোক।মই নে তাই হস্তক্ষেপ কৰিছিল মোৰ প্ৰতিতো বস্তত!
- আৰাধ্যা তুমি কি ক'ব বিচাৰিছা ?
- আমি একেলগে থাকিম।
- মানে? 
- তুমি যলৈকে বিয়া হোৱা মই তালৈকে বিয়া হম৷
কথাটো শুনি মোৰ হাঁহি উঠিল।
- আৰাধ্যা তুমি চিন্তা নকৰিবা। মই যলৈকে বিয়া হওঁ  তালৈকে তোমাক লৈ যাম। মই আৰু অকৃত্ৰিমে মিলি তোমাৰ বাবে এটা ভাল ডৰা চাম।
কথাটো শুনি তাই এনেকৈ হাঁহিলে যেন মই কিবা বিৰাট ডাঙৰ কৌতুকহে এটা কলো।
- হেট্ৰিকা মোক তোমাৰ ডৰাটো লাগে। আমি ভগাই লম।
কথাষাৰ শুনি তাইক এক থাপৰ দিবলৈ মন গৈছিল।তথাপি নিজকে নিয়ন্ত্ৰণ কৰিলো কোনোমতে।
- অসম্ভৱ কথা নক'বা। তুমি ইমান তললৈ কেনেকৈ যাব পাৰিলা? সি বস্তু নহয় যে তাক ভগাই লম। অকৃত্ৰিমে গম পালে কি বুলি ভাবিব মোক।
মোৰ বেষ্ট ফ্ৰেণ্ড তুমি। বেষ্ট ফ্ৰেণ্ড হৈ থাকা প্লিজ।এনেকুৱা কথা নক'বা।
সকলো প্ৰকাৰে তাইক বুজাবলৈ চেষ্টা কৰিলো কিন্তু নোৱাৰিলো। সেয়ে লাজে ভয়ে সংকোচে অকৃত্ৰিমৰ ওচৰলৈ গৈ কথাটো ক'লো।
- তুমি মোৰ লগত আৰু কাৰোবাক আনিব লাগিব৷
গোটেইখিনি কথা বিৱৰি কোৱাত অকৃত্ৰিমে মোক চৰ এটা সোধালে। 
- হেট্ৰিকা মই বস্তু নহয় যে মোক ভগাই ল'বা। ময়ো তেজ মঙহৰে মানুহ। এমাহৰ পাছত আমাৰ বিয়া।
মোৰ ক'বলৈ একো বাকী নাথাকিল। মনে মনে গুছি আহিলো। বাহিৰত আৰাধ্যাই কথাখিনি শুনি আছিল।
তাই এতিয়া কি কৰিব মই জানো। তাই এতিয়া খুব কান্দিব, বস্তু দলিয়াব। নাই নাই তাই আজি তেনেকুৱা একো নকৰিলে। তাই ক'ত গ'ল ? বিচাৰি পোৱা নাছিলো। সিহঁতৰ ঘৰলৈ গ'লো। কিন্তু ঘৰলৈ গৈ গম পালো তাইচোন অনাথ। অকলশৰীয়া। কোনো নাই।ওচৰৰ মানুহ এজনে কলে তাই নৱম শ্ৰেণীতে নিজৰ পিতৃ মাতৃক হেৰুৱালে। বৰ ভাল আছিল। ধনী আছিল।ঘৰটো বৰ ধুনীয়া। দেউতাকৰ গাড়ীখন এতিয়াও আছে। ইমানবোৰ কথা মই নাজানিছিলো। মোকো কেতিয়াও কোৱা নাছিল তাই।
অৱশেষত বিয়াৰ দিন চাপিল। তাই মোৰ বিয়াত নাহিল।একপ্ৰকাৰে ভাল পাইছিলো যদিও মনত কিবা এটা শুকে খুন্দা মাৰি ধৰিছিল। তাইৰ কোনো নাই।মোৰ বাহিৰে।
বিয়াৰ পাছদিনা ৰাতিপুৱা চোতালৰ আগফালে থকা গছ জোপাৰ তলতে এটা কুকুৰে ভূকি আছিল। ওচৰলৈ গৈ যি দেখিলো মোৰ বুকুখন চিৰিংকৈ কঁপি উঠিল।অপৰাধত নে শোকত (?) মইনো কি অপৰাধ কৰিলো।
মই আৰাধ্যা আৰাধ্যা বুলি চিঞৰি উঠিলো। তাই নাই।গ'লগৈ। ঐ গছ জোপাৰ এটা ডালত তাইৰ মৃতদেহটো ওলমি আছিল।
মই যিমান পাৰো সিমান জোৰেৰ কান্দিছিলো। আৰাধ্যা মোৰ বেষ্ট ফ্ৰেণ্ড আছিল। দুবাৰকৈ মোক তেজ দিছিল।মনত পৰিছে সকলো। মোক লগ পাই তাই হাঁহিব শিকিছিল। তাই বেয়া নহয়। বৰ ভাল। আজি উপলব্ধি কৰিছো।
অকৃত্ৰিম মৃতদেহটো দেখি আচৰিত হল।
- এই পাগলী জনী ইয়াতহে মৰিব আহিল।
   পাগলী? আৰাধ্যা? কেনেকৈ চিনি পালে আৰাধ্যাক?সিটো কেতিয়াও লগ পোৱা নাই আৰাধ্যাক।
পুলিচ আহি মৃতদেহটো লৈ গ'ল। গধূলি এটা খবৰ পালো যে আৰাধ্যা এনেই মৰা নাই। তাই প্ৰেগনেন আছিল। তিনিমাহ হৈছিল। আৰাধ্যাক বহু কথা ক'বলৈ থাকি গ'ল । কিয় এদিনো নকলে যে তাই অনাথ?কিয় এদিনো নকলে যে তাইৰ লগত এনেকুৱা হ'ল? কোনে কৰিলে এনেকুৱা এটা অমানৱীয় কাম। নে আৰাধ্যা ....নাই নাই তাই এনেকুৱা নহয়। শেহতীয়া ভাৱে  হ'লেও বহু কথা গম পালো।
মই বিচাৰি উলিয়াব লাগিব অপৰাধীক। অকৃত্ৰিমৰ লগত। কিন্তু অকৃত্ৰিম আছে ক'ত ?
নাই গোটেই ঘৰতো বিচাৰিলো। নাই। অৱশেষত তাৰ চিক্ৰেট ৰূমটোত প্ৰৱেশ কৰিলো। যত সোমাবলৈ মোক বাধা দিয়া হৈছিল। তাতো নাই।
গ'ল ক'ত ? ৰূমটোৰ ভিতৰত কিবা এটা শব্দ শুনিলো।"We are best friend".. মোৰ পুতলাটো।মোৰ মানে আমাৰ। আৰাধ্যা আৰু মোৰ। যিটো পুতলা মই দিলেও তাই কাকো চুব নিদিছিল। সেই পুতলাটো ইয়াত কেনেকৈ? আচৰিত হ'লো। তাৰমানে তাই ইয়ালৈ আহিছিল। কেতিয়া? তাই চিনি পাইছিল নেকি অকৃত্ৰিমক?
পুতলাটোৰ ভিতৰত এখন মেমৰি আৰু এটুকুৰা কাগজ পালো। লিখা আছিল "এই পুতলাটো আজিৰ পৰা কেৱল  তোমাৰ হেট্ৰিকা। এমাহ তোমাৰ এমাহ মোৰ এনেকৈ আৰু ভগাবলৈ মই নাথাকিম। দুখ লাগিছে বহুতবাৰ তোমাক কব খুজিও এটা কথা ক'ব নোৱাৰিলো। অকৃত্ৰিমৰ মৰম অকৃত্ৰিম নহয়।কৃতিমতাৰে পৰিপূৰ্ণ তেওঁ আছলতে মানৱৰূপী দানৱ" বুজিবলৈ বাকি নাথাকিল। মেমৰিখন অপেন কৰিলো।সকলো তথ্য ফাদিল হ'ল। মই ভুল কৰিলো। অকৃত্ৰিমক মই বিচাৰি নাপালো। এসপ্তাহ, এমাহ, অবছৰ পাৰহৈ গ'ল। কিন্তু বিচাৰি নাপালো। ক্ষোভবোৰ ক্ষুভ হৈ আছে।হয়তো আজীৱন থাকিব।