কলংৰ পাৰত এটি
নৱজাত শিশুৰ পৰিত্যক্ত মৃতদেহ ....
হয়তো সৰ্বশেষ্ঠ মাতৃৰ মমতাক
ভৰিৰে মোহাৰি
কুমাৰী মাতৃত্বৰ বোজা ঢাকিবলৈ
কোনোবা সত্যৱতী বা কুন্তীৰ
এইয়া নিষ্ঠুৰ প্ৰয়াস..............
প্ৰশ্ন হয় কেতিয়াবা
আধুনিক নাৰী
আৰু
মহাকাব্যিক নাৰীৰ মাজত
পাৰ্থক্যই বা কিমান দূৰ ?
কামনা নকৰো মই
মহাকাব্যিক গৰিমাৰে খ্যাত
দেৱী গংগাৰ দৰে মাতৃও
এটি দুটিকৈ নিজৰ গৰ্ভস্থ সন্তানক
মৃত্যুৰ কোলাত বিসৰ্জন দি
স্বামীৰে সৈ'তে দেৱশিশু দেৱব্ৰতক
ত্যাগ কৰিবলৈ ......
সীতা হৈ নজন্মিলো ভালেই হ'ল
সোণৰ হৰিণৰ মোহত
লংকেশ্বৰৰ হাতত হৰণ হৈ
ৰাৱণ বধৰ ভাওনাৰে লংকাকাণ্ড কৰিবলৈ ....
দুঃসাহসো নকৰো
জ্বলন্ত অগ্নিত বহি
ৰজা প্ৰজাৰ সন্মুখত
সতীত্বৰ পৰীক্ষা দিবলৈ ৷
উৰ্মিলাৰ দৰে ধৈৰ্য্য
পৰীক্ষাৰে সফল মহাভাৰতীয়
নাৰীক লৈয়ে সদা গৰ্বিত মই .....
ঠিকনাঃ নগাঁও
নৱজাত শিশুৰ পৰিত্যক্ত মৃতদেহ ....
হয়তো সৰ্বশেষ্ঠ মাতৃৰ মমতাক
ভৰিৰে মোহাৰি
কুমাৰী মাতৃত্বৰ বোজা ঢাকিবলৈ
কোনোবা সত্যৱতী বা কুন্তীৰ
এইয়া নিষ্ঠুৰ প্ৰয়াস..............
প্ৰশ্ন হয় কেতিয়াবা
আধুনিক নাৰী
আৰু
মহাকাব্যিক নাৰীৰ মাজত
পাৰ্থক্যই বা কিমান দূৰ ?
কামনা নকৰো মই
মহাকাব্যিক গৰিমাৰে খ্যাত
দেৱী গংগাৰ দৰে মাতৃও
এটি দুটিকৈ নিজৰ গৰ্ভস্থ সন্তানক
মৃত্যুৰ কোলাত বিসৰ্জন দি
স্বামীৰে সৈ'তে দেৱশিশু দেৱব্ৰতক
ত্যাগ কৰিবলৈ ......
সীতা হৈ নজন্মিলো ভালেই হ'ল
সোণৰ হৰিণৰ মোহত
লংকেশ্বৰৰ হাতত হৰণ হৈ
ৰাৱণ বধৰ ভাওনাৰে লংকাকাণ্ড কৰিবলৈ ....
দুঃসাহসো নকৰো
জ্বলন্ত অগ্নিত বহি
ৰজা প্ৰজাৰ সন্মুখত
সতীত্বৰ পৰীক্ষা দিবলৈ ৷
উৰ্মিলাৰ দৰে ধৈৰ্য্য
পৰীক্ষাৰে সফল মহাভাৰতীয়
নাৰীক লৈয়ে সদা গৰ্বিত মই .....
ঠিকনাঃ নগাঁও







