অসমী আই ......✍ সংগীতা চাংমাই

পুৱাৰ ৰেঙনি বুলাই
সেউজীয়া ৰহণ ঢলা
মাতৃভূমি মোৰ অসমী আই!
আশাৰ প্ৰতিটো পুৱা
আজি ধূসৰ ৰহণ কিয় সানিছা?
কিয় আজি কলংকিতা তোমাৰ প্ৰতিটো অংগ?
ধৰ্ষণ, হত্যা, বিভীষিকাই
আজি তোমাক জুৰুলা কৰিছে!
তুমি মাথো নিৰ্বিকাৰ হৈ
সহিছা এবুকু যান্ত্ৰণাৰ বিহ!
কিন্তু, কিয়? অসমী আই!!
আজি সীমাৰ সংঘাতত
বৈ যাব ধৰিছে
ক'ত অশ্ৰু ৰক্ত তটিনীৰ ঢৌ।
মাতৃভূমিৰ অঙ্গে অঙ্গে
হেৰাই গৈছে মানৱতাৰ প্ৰমূল্য;
নাই কোনো আন্তৰিকতা।
যান্ত্ৰিকতাৰ সাগৰত ডুব যোৱা
পাষাণ মানৱ আজি দানৱ ৰূপে
থিয় দিছে তোমাৰ বুকুত,
জাতি, ধৰ্ম, ভাষাৰ বিৰোধী হৈ
জীৱ শ্ৰেষ্ঠ মানৱৰূপী এচাম
পাশৱিক নিষ্ঠুৰ 'সমদলে'
তোমাক জুৰুলা কৰিছে।
হে মাতৃভূমি, তুমি জাগি উঠা!
তুমি হেঙদাং লৈ
জপিয়াই পৰিব লাগিব
তোমাৰ বুকুত তাণ্ডৱ কৰা
সেই পিশাচ সমদলক,
ৰোধিব লাগিব সেই অমানৱিক অত্যাচাৰক।
আকৌ জীপাল কৰি তুলিব লাগিব
সূৰ্য উঠা তোমাৰ সেউজীয়া অসম ভূমিক,,
উঠা, জাগি উঠা অসমী আই!!!!