পুৰুষবোৰে মনে মনে
এখন দা ধাৰ দি থাকে ।
প্ৰয়োজন বশত
তাৰেই আপোনাক মৃত্যু ঘটাব পাৰে ।
পুৰুষবোৰে পেট কাঢ়ি শুৱে৷
ঠিক সমান্তৰালকৈ এটা নাৰী শৰীৰ বিচাৰে সিহঁতে
নাপালে জগত নষ্ট কৰি দিব পাৰে৷
পালে এখন হাতৰ ছটফটনিক
নিজৰ হাতৰ মাজত বন্দী কৰি লয়৷
অংগীকাৰ কৰে দেহাৰ এটা গোপন ৰাতি ।
পুৰুষবোৰে আন্ধাৰত শুই ভালপায়৷
মই বিশ্বাস কৰো
পুৰুষবোৰে নাঙঠ হৈ শুৱে সদায়ে ।
ব্যৱস্থা আৰু আক্ৰমণৰ বেলিকা
এখন আৱৰণ পিন্ধে
ব্যৱহাৰ জানে,
ব্যৱসায় কৰে
আপুনিও পুৰুষৰ স’তে
সহবাস কৰি চাব পাৰে৷
এদিন মই এজনক লগ পালো
গৈ আছিল
প্ৰশ্ন কৰিলো ক’লৈ, কিয় ?
তেওঁ ক’লে ঢেঁকীশাললৈ।
পুৰুষবোৰে মদ, গাঞ্জা খায়,
খাই শুই নাথাকে
যুদ্ধ জিকিবলৈ যায়৷
প্ৰয়োজন বশত তাতেই মৃত্যু হ'ব পাৰে
মৃত শৰীৰে কথা কয়,
সংগী আৰু সংগ বিচাৰে ।
পুৰুষে ছট্ফট্নি ভাল নাপায়
ইচাট বিচাট সিহঁতে পচন্দ নকৰে,
সিহঁতে আত্মহত্যাও কৰিব নোৱাৰে......
এখন দা ধাৰ দি থাকে ।
প্ৰয়োজন বশত
তাৰেই আপোনাক মৃত্যু ঘটাব পাৰে ।
পুৰুষবোৰে পেট কাঢ়ি শুৱে৷
ঠিক সমান্তৰালকৈ এটা নাৰী শৰীৰ বিচাৰে সিহঁতে
নাপালে জগত নষ্ট কৰি দিব পাৰে৷
পালে এখন হাতৰ ছটফটনিক
নিজৰ হাতৰ মাজত বন্দী কৰি লয়৷
অংগীকাৰ কৰে দেহাৰ এটা গোপন ৰাতি ।
পুৰুষবোৰে আন্ধাৰত শুই ভালপায়৷
মই বিশ্বাস কৰো
পুৰুষবোৰে নাঙঠ হৈ শুৱে সদায়ে ।
ব্যৱস্থা আৰু আক্ৰমণৰ বেলিকা
এখন আৱৰণ পিন্ধে
ব্যৱহাৰ জানে,
ব্যৱসায় কৰে
আপুনিও পুৰুষৰ স’তে
সহবাস কৰি চাব পাৰে৷
এদিন মই এজনক লগ পালো
গৈ আছিল
প্ৰশ্ন কৰিলো ক’লৈ, কিয় ?
তেওঁ ক’লে ঢেঁকীশাললৈ।
পুৰুষবোৰে মদ, গাঞ্জা খায়,
খাই শুই নাথাকে
যুদ্ধ জিকিবলৈ যায়৷
প্ৰয়োজন বশত তাতেই মৃত্যু হ'ব পাৰে
মৃত শৰীৰে কথা কয়,
সংগী আৰু সংগ বিচাৰে ।
পুৰুষে ছট্ফট্নি ভাল নাপায়
ইচাট বিচাট সিহঁতে পচন্দ নকৰে,
সিহঁতে আত্মহত্যাও কৰিব নোৱাৰে......







