মই এজন শ্ৰমিকে কৈছো .....✍ মিন্টুল হাজৰিকা

(বিশ্বৰ প্ৰতিজন শ্ৰমিকৰ হৈ)

এদ'ম মৰা হাতীৰ অস্থিপুঞ্জৰ দৰে
মটীয়া ৰঙৰ দেহত
ভোক লৈ জীয়াই থকা
মই এজন শ্ৰমিকে কৈছো,

মোৰ মূৰৰ ওপৰত থকা আকাশখন
কেতিয়াবা কজলা পোছাকযোৰ সলাব নে?

এন্ধাৰৰ ওচৰত বন্ধকীত থোৱা
মোৰ নৱজাতকহঁতৰ কলিজাখনে
এখন সেউজীয়া পথাৰত
ল'ৰালিৰ মহোৎসৱ উদযাপন কৰিব পাৰিব নে?
নে সিহঁতেও মোৰ দৰে হাতুৰীৰ কোবত,
উদং পিঠিত ৰ'দ আৰু শিলৰ দ'মবোৰত
উশাহ সলাব লাগিব।

মোৰ দেউতা এজন শ্ৰমিক আছিল বাবেই
ময়ো শ্ৰমিক হ'লো
আৰু এতিয়া
মোৰ ঔৰসত উদয় হোৱা ৰাতিপুৱাবোৰ
ঘামে ধোৱা ভেকেটা গোন্ধ বিয়পা পোছাকযোৰ জ্বলাই
এযোৰ সেউজীয়া পোছাক পাব নে পিন্ধিব
নে মোৰ দৰেই হ'ব সিহঁতৰ গতি?

ক্ৰমশঃ
হতাশৰ বুকুত জাহ যোৱা
মই এজন শ্ৰমিকে কৈছো৷