বিশুদ্ধ কবিতা ...... ✍ ধৰ্মেন্দ্ৰ ডেকা

মই তোমালোকৰ প্রত্যেকৰ হাতে হাতে
এটা বিশুদ্ধ কবিতা তুলি দিম ।
যাৰ প্রতিটো শব্দ হ'ব এটা এটা তেজস্বী বুলেট
যি তোমালোকৰ ভিতৰত কর্ষিত প্রৌঢ় অন্ধকাৰক
ঝা ঝা কৰি দিব নিমিষতেই!
নিঃশ্চিহ্ন কৰি দিব
পৃথিৱীৰ সঞ্চিত পাপৰ অৰণ্য!
যাতে তোমালোকে
আজুৰি আনিব পাৰা
সেই মোক্ষম সময়-
যেতিয়া পক্ষীৰ দগ্ধ কণ্ঠত
নিদ্রা ভংগ কৰিব ক্লান্ত নদীৰ ।
এজন শিল্পীয়ে নির্বিঘ্নে আঁকিব
সত্য- সুন্দৰৰ কল্পচিত্ৰ
এজন প্রেমিকে গোলাপ নিজ হাতে
নিজ প্ৰেয়সীক দি বিনাদ্বিধায় আঁতৰি যাব;
প্রেমিকাৰ দুচকুত চকু ৰাখি স্বপ্ন দেখিব
জীৱনৰ সমস্ত বেদনা পাহৰি।
মই তোমালোকৰ শিশুৰ দুচকু বান্ধি দিম
ছন্দৰ ৰেশ্মি ৰুমালেৰে;
যাতে সিহঁতে
গান গাই গাই নির্বিঘ্নে
পাই যায় মানুহৰ অভয়াৰণ্য।
সিহঁতৰ স্নায়ুকোষ
স্নায়ুতে জাগ্রত থাকি
জাগৃত কৰিব মানৱীক বিশুদ্ধবোধ
মই তোমালোকৰ প্রত্যেকৰ হাতে হাতে
এটি বিশুদ্ধ কবিতা তুলি দিম।
কাৰন মই জানো,
এটা বিশুদ্ধ কবিতা
মানে
এই দুঃসময়ত বাচি থকাৰ বিশুদ্ধ স্বপ্ন৷

দূৰভাষঃ ৯৯৫৪৫১৮৩৪৩