নিগনি

মূল বাংলা কবিঃ সুমন পাটাৰী
অসমীয়া অনুবাদঃ ছা-হা-বা হাৰ্টি

আমাৰ দাম্পত্য জীৱন হৃদধ্বনিৰ দৰে বিচ্ছিন্ন
কিন্তু অনিবার্য্য সুৰত বাজে,

দুটি ধ্বনিৰ ফাঁকেৰে
এটি নিগনি সোমাই
কূটি দিলে সকলো পুৰণি এলবাম।

খট্ খট্ শব্দ কাণত বাজিছে
চিলমিল টোপনিত
অথচ কোনেও চকু মেলি চোৱা নাই।