হৰেণৰ ফেচবুক একাউণ্টত পল্লৱী শইকীয়া নামৰ এজনী বৰ ধুনীয়া বান্ধৱী আছে । হৰেণে প্ৰতিদিনেই তাইলৈ দুই তিনিটাকৈ মেছেজ পঠিয়াই থাকে । পল্লৱীয়ে কিন্তু হৰেণৰ মেছেজৰ কোনোদিনে ৰিপ্লাই নিদিয়ে । তথাপিতো হৰেণে তাইলৈ মেছেজ পঠিওৱা বন্ধ নকৰে । এদিন নহয় এদিন পল্লৱীয়ে নিশ্চয় তাৰ মেছেজৰ ৰিপ্লাই দিবই !
অৱশেষত পল্লৱীয়ে হৰেণৰ মেছেজৰ ৰিপ্লাই দিলে । হৰেণৰ মনত এতিয়া খুউব স্ফূৰ্তি । লগেলগে হোটেল অশোকত হৰেণে তাৰ বন্ধু বৰ্গক বিশাল পাৰ্টি এটা দিলে । হৰেণৰ বন্ধু ৰমেন, বিশ্ব, যোগেন আদি সকলোৱেই বহুত সুখী হ'ল । সকলোৱে হৰেণৰ সাহসক বাৰুকৈয়ে প্ৰশংসা কৰিলে ।
পিছদিনা ৰমেন আহিল হৰেণৰ ঘৰলৈ বিশেষ ঘৰুৱা সকাম এটাত হৰেণক নিমন্ত্ৰণ কৰিবলৈ । কথা বাৰ্তা শেষ হোৱাৰ পিছত ৰমেনে হৰেণক সুধিলে - চাওঁ । তোক পল্লৱীয়ে যোৱাকালি কি ৰিপ্লাই দিলে মোকো এবাৰ পঢ়ি চাবলৈ দেচোন ।
পল্লৱীৰ মেছেজটো পঢ়িয়েই ৰমেন ঠাইতে অচেতন হৈ পৰিল । মেছেজটোত পল্লৱীয়ে কি লিখিছিল আপোনালোকেও এবাৰ পঢ়ি চাওকচোন -- জধামূৰ্খ ! বুৰ্বক । ভৱিষ্যতে আৰু কোনোদিন মোক মেছেজ দিবলৈ চেষ্টা নকৰিবি ।








