কেইটিমান সপোন,
নাম হেনো তাৰ ফাগুন ।
এজাক সুহুৰিৰ কলবলনিত
ডুলি থাকে পেণ্ডুলামৰ দৰে সময়,
পৰি থকা শিল এচটাত কৰফাল খাই
সেউজীয়াৰ অপমৃত্যু ঘটে,
চৌপাশে মাথো
শিমলু বুলীয়া সপোন ।
নৈ পাৰত ধূলিৰ ওৰণিৰ তলেৰে
কমৱা তুলাবোৰে মিচিকিয়াই হাঁহে,
এটা ৰৌদ্রজল দুপৰীয়াই
ভোকত কলবলাই থাকে ।
অ' ফাগুন নাহিবি তই,
নিৰস নিৰস যে এতিয়া
প্রতিটো সময় ।







