২৮) আত্মা বিচাৰিঃ
জীৱিত মানুহজনে এটা ছটফটাই থকা মনেৰে প্ৰত্যেক নিশা শ্মশানলৈ বুলি খোজ কাঢ়িছে । শাস্ত্ৰ, ধৰ্ম মতে মানুহৰ মৃত্যুৰ পিছতো বোলে আত্মা থাকে । অন্ধ-বিশ্বাসৰ উৰ্ধত থকা পৰিয়ালটোৰ লগত মানুহজনেও এই "আত্মা" থকা কথাটো আগতে বিশ্বাস কৰা নাছিল। কিন্তু আজি তেওঁৰ বিশ্বাস কৰিবলৈ বহুত মন গৈছে। এবাৰ নিজৰ ল'ৰাটোক বুকুৰ মাজত ল'ব পৰা হ'লে ! গাড়ী চালকজনৰ আত্মাটোক এবাৰ লগ পোৱা হ'লে ক'লে হয়, "কুঁৱলী ডাঠকৈ পৰিলে বা টোপনি লাগিলে বা ৰাগিয়াল বস্তু সেৱন কৰিলে গাড়ী নচলাবি অ'৷" অন্তত এবাৰ.. লগ পোৱা হ'লে...। ছেঃ মানুহজনৰ পৰিয়ালটোৰ লগতে সি ও যে নিজে শেষ হৈ থাকিল । তাকচোন কথাষাৰ কোৱাই নহ'ল৷ "গাড়ী চলাওঁতে বিবেক, দৃষ্টিভংগী, মনোযোগ গুৰুত্বপূৰ্ণ কথা ।"
২৯) দেৱীঃ
তাই প্ৰাণপণে দৌৰিছিল । বাটৰুৱাই ভাবিছিল তাই পাগলী হ'ল । কেকুৰিটোৰ ভাজত থকা পুৰণিকলীয়া ভগ্ন ঘৰটোত সোমাই মদাহী পুতেকক জুৱা খেলৰপৰা টানি আনিলে । ইতিমধ্যে পুলিচ আহি পুতেকক হাতকেৰেয়াৰ লগালে। মহিলাজনীয়ে পুলিচক হাতযোৰ কৰি ক'লে- "বোপা, বাপেক গ'লেও ইয়াক জামিন নিদিব । মোৰ অনুৰোধ । এনে পুত্ৰ থকাতকৈ পুত্ৰহীন হৈ থাকিম ।"
৩০) নিয়মঃ
কালিয়েই ছোৱালী সন্তান জন্ম দিয়া মহিলাজনীক অধিক ৰক্তক্ষৰণৰ পিছতো ঘৰৰ মানুহে গিৰিয়েকক চুবলৈ দিয়া নাছিল, চিকিৎসালয়লৈ নিবলৈ । নিয়ম নীতিৰো যে কথা এটা আছে । হিমোগ্লবিনৰ অভাৱত তাইৰ মৃত্যু হওঁতে আশা বাইদেউজনীয়ে মহিলাজনীৰ বিচনাত এটুকুৰা কাগজ পাইছিল । তাত লিখা আছিল, "কোনো নিয়মৰ বাবেই তোমাৰ নিজৰ ছোৱালীজনীক মৰিব নিদিবা । মোৰ পিতাই তোমাৰ হাতত কন্যাদান কৰি ভুল কৰিলে৷" আশা বাইদেউজনীয়ে চিঠিখন মহিলাজনীৰ গিৰিয়েকক দিলে আৰু স্বাস্থ্য বিভাগৰ ম ম ৰ ফৰ্মখনত মহিলাজনীৰ নামভৰ্তি কৰালে।








