অভিসন্ধি ...✍ বিদ্যুৎ কুমাৰ বৰা

লাগিছে আজি মোৰ 
তোমাক নকৈ ভাল পাবলৈ,
মৰমেৰে সজা সপোনৰ বালিঘৰ 
অভিসন্ধিৰ এজাক ধুমুহা-বতাহে 
ঠান-বান কৰিব বুলি 
ভালপোৱাৰ ৰণশিঙাৰ ধ্বনি,
আকৌ এবাৰ বুকুত বাজি উঠিব বুলি ।

যিদিনা তুমি মোৰ বুকু 
গৈছিলা শূন্য কৰি ,
জানা, নৱমল্লিকা
সেইদিনা ধৰি মোৰ হৃদয়খনে 
যন্ত্ৰণাবিহীন, বিষাদহীন 
কৰিবলৈ পৰিৱৰ্তন হ'ল 
এখন হালধীয়া মৰুভূমি ।

সন্ধ্যাৰ বুকুত তোমাৰ নামত 
বিষাদবোৰ চিগাৰেটত হুপি 
ধোঁৱাবোৰত উৰুৱাই দিওঁ 
মোৰ হৃদয়ৰ যন্ত্ৰণা
আৰু 
পি মাতাল হৈ পৰো শূন্যতাৰ মদিৰা ।

মোৰ হৃদয়ে টুকা 
টোপাল টোপাল অশ্ৰুয়ে 
ভৰি পৰিছে ডায়েৰী পৃষ্ঠাবোৰত,
নষ্ট হোৱা মোৰ বৰ্ণিল স্বপ্নবোৰৰ 
বিষাদৰ নিদাৰুণ কবিতা ।

মন যায় কেতিয়াবা জানা,
নৱমল্লিকা
মুক্ত আকাশৰ তলত ৰৈ
সৌৰভৰ নীলাভ উষ্ণতাত 
ভঙা হৃদয়খনক লৈ নষ্ট হ'বলৈ ।

আহিছা আজি আকৌ 
নকৈ প্ৰেমৰ প্ৰস্তাৱ লৈ,
নাপাওঁ তোমাক ভাল অতীতৰ মৰমক লৈ
প্ৰভাতী কিৰণৰ অভিসন্ধি লৈ।

নিৰুপায় মই নৱমল্লিকা,
একাজলি মৰমেৰে সজা চাংঘৰত,
হেৰাই গ'ল প্ৰেমৰ গীত গোৱা 
সেই কপৌজনীৰ মিঠা কণ্ঠস্বৰ ৷

ঠিকনাঃ বোকাখাত, 
কাজিৰঙা মহাবিদ্যালয় 
দূৰভাষ: ৮৪৮৬৫২৬৫৫১