মূল কবিঃ তছলিমা নাছৰিন
অসমীয়া অনুবাদঃ ছা-হা-বা হাৰ্টি
অলপ আঁতৰি গ'লেই তুমি আৰু মোৰ হৈ নাথাকা
তুমি হোৱা যাৰে তাৰে খেলুৱৈ পুৰুষ ।
যিকোনো শৰীৰত গৈ
শগুনৰ দৰে খুঁটিয়াই আহাৰ কৰা ৰূপ আৰু মাংস
গণিকা আৰু প্ৰেমিকাৰ শৰীৰৰ
কোনো পাৰ্থক্য বুজি নোপোৱা ।
কবিতাতকৈ চাতুৰ্য্য ভালদৰে বুজি পোৱা,
ৰাতি হ'লেই তেজৰ ভিতৰত টগবগাই দৌৰি যায়
এশ এটা লেকামহীন ঘোঁৰা,
নোমৰ বিন্ধাই বিন্ধাই
তাক্ ধিনা-ধিন নাচি উঠে পূৰ্বপূৰুষ,
বহুবাৰ তোমাক মই জোনাকৰ কথা কৈছোঁ
অমাৱস্যা আৰু পূৰ্ণিমাৰ মাজত
তুমি কোনো পাৰ্থক্য নুবুজা ।
ভালপোৱাতকৈ বেছি বুজি পোৱা প্ৰাচুৰ্য্যতা
যাৰে তাৰে ভৰিৰ তলুৱাৰ পৰা চেলেকি খোৱা
এটোপাল মদ,
হাজাৰ গেলন সুৰাত আকণ্ঠ ডুবি থাকিও
তোমাৰ তৃষ্ণা নুগুচে ।
সপোনৰ কথা অনেকবাৰ কৈছোঁ তোমাক
তুমি সমূদ্র আৰু নৰ্দমাৰ কোনো পাৰ্থক্য নুবুজা ।
অলপ আঁতৰি গ'লেই
তুমি হোৱা যাৰে তাৰে খেলুৱৈ পুৰুষ ।
যাৰে তাৰে পুৰুষক
মই কেতিয়াও নিজৰ বুলি নকওঁ ।
অসমীয়া অনুবাদঃ ছা-হা-বা হাৰ্টি
অলপ আঁতৰি গ'লেই তুমি আৰু মোৰ হৈ নাথাকা
তুমি হোৱা যাৰে তাৰে খেলুৱৈ পুৰুষ ।
যিকোনো শৰীৰত গৈ
শগুনৰ দৰে খুঁটিয়াই আহাৰ কৰা ৰূপ আৰু মাংস
গণিকা আৰু প্ৰেমিকাৰ শৰীৰৰ
কোনো পাৰ্থক্য বুজি নোপোৱা ।
কবিতাতকৈ চাতুৰ্য্য ভালদৰে বুজি পোৱা,
ৰাতি হ'লেই তেজৰ ভিতৰত টগবগাই দৌৰি যায়
এশ এটা লেকামহীন ঘোঁৰা,
নোমৰ বিন্ধাই বিন্ধাই
তাক্ ধিনা-ধিন নাচি উঠে পূৰ্বপূৰুষ,
বহুবাৰ তোমাক মই জোনাকৰ কথা কৈছোঁ
অমাৱস্যা আৰু পূৰ্ণিমাৰ মাজত
তুমি কোনো পাৰ্থক্য নুবুজা ।
ভালপোৱাতকৈ বেছি বুজি পোৱা প্ৰাচুৰ্য্যতা
যাৰে তাৰে ভৰিৰ তলুৱাৰ পৰা চেলেকি খোৱা
এটোপাল মদ,
হাজাৰ গেলন সুৰাত আকণ্ঠ ডুবি থাকিও
তোমাৰ তৃষ্ণা নুগুচে ।
সপোনৰ কথা অনেকবাৰ কৈছোঁ তোমাক
তুমি সমূদ্র আৰু নৰ্দমাৰ কোনো পাৰ্থক্য নুবুজা ।
অলপ আঁতৰি গ'লেই
তুমি হোৱা যাৰে তাৰে খেলুৱৈ পুৰুষ ।
যাৰে তাৰে পুৰুষক
মই কেতিয়াও নিজৰ বুলি নকওঁ ।







