বিশিষ্ট সাহিত্যিক ময়ূৰ বৰা'ৰ সৈতে সাক্ষাৎকাৰ


একবিশ শতিকাৰ প্ৰথম দশকত বাতৰি কাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীযযা নতুন চাম লেখক সকলৰ ভিতৰত ময়ূৰ বৰা নিঃসন্দেহে অন্যতম৷ যুক্তিনিষ্ঠ প্ৰকাশভংগী আৰু ভাবোদ্দীপক চিন্তা চেতনাৰে সমৃদ্ধ প্ৰবন্ধ ৰচনাৰে তেওঁ এতিয়ালৈকে সৰ্বমুঠ ১০ খন গ্ৰন্থ  প্ৰকাশ কৰিছে৷